যোৱা 17 ছেপ্টেম্বৰৰ পৰা 2 অক্টোবৰলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পষেকজোৰা জন্ম বাৰ্ষিকী লগত সংগতি ৰাখি পূব-কাৰ্বি আংলং জিলা বিজেপিয়ে ডিফু লৰুলংচস্থিত ৰাংচিনাচাৰপ কলছাৰেল হলত আজি প্ৰধানমন্ত্ৰীৰ জীৱন, দৃষ্টি, নীতি আৰু সাফল্যৰ ওপৰত বুদ্ধিজীৱীসকলৰ সভা আৰু এখনি চেমিনাৰ সম্পন্ন হৈ যায়।
পূব কাৰ্বি আংলং বিজেপিৰ সভাপতি ধন চিঙ টেৰণৰ পৌৰোহিত্যত অনুষ্ঠিত সভা আৰু চেমিনাৰখনত ৰাজ্যিক বিজেপিৰ সভাপতি তথা পশ্চিম কাৰ্বি আংলং বিজেপিৰ প্ৰভাৰী পংকজ বৰবৰুৱা, কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক ডাক্তৰ পংকজ টেৰণ, জ্যেষ্ঠ সাংবাদিক লংচিং টেৰণ আৰু পূব কাৰ্বি আংলং বিজেপিৰ উপসভাপতি ভাস্কৰ সন্দিকৈ উপস্থিত থাকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জীৱন আদৰ্শ, দৃষ্টি, নীতি আৰু সাফল্যৰ উপৰত বিস্তৃততভাবে আলোকপাত কৰে ।
ইয়াৰোপৰি কাৰ্যসূচীত ”মোদী @২০ ড্ৰীম মীট ডেলীভাৰী” শীৰ্ষক এখন পুথিৰ উন্মোচন কৰা হয়।