শাৰদীয় দুৰ্গোৎসৱৰ প্ৰাকমুহূৰ্তত ৰাজ্য চৰকাৰৰ লোকনিৰ্মাণ (পথ) বিভাগে মহানগৰৰ গড়ভঙা পথৰ আৰ্যনগৰ চাৰিআলিৰ ওপৰেৰে নিৰ্মাণ কৰা উৰণ সেতুখন আজি উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উক্ত সেতুখন উদ্বোধন কৰিবলৈ পাই অত্যন্ত সুখী বুলি উল্লেখ কৰি নিজৰ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, গুৱাহাটীবাসীৰ বাবে এই স্থানত এখন উৰণ সেতুৰ প্ৰয়োজনীয়তা আছিল দীৰ্ঘদিনীয়া।
উল্লেখ্য, ২০২১ চনৰ ফেব্ৰুৱাৰীত এই সেতুখনৰ নিৰ্মাণকাৰ্য আৰম্ভ হৈছিল৷ ২০২৩ চনৰ আগষ্টত অৰ্থাৎ ৩০ মাহৰ ভিতৰত এই সেতুখন সম্পূৰ্ণ কৰাৰ বাবে সময় নিৰ্ধাৰণ কৰা হৈছিল৷ কিন্তু ১৯ মাহৰ ভিতৰত অৰ্থাৎ এই বৰ্ষৰ ছেপ্টেম্বৰতে এই কাম সম্পূৰ্ণ হৈ উঠে৷
নিজৰ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, “গুৱাহাটীক বিকাশৰ নতুন দিগন্তলৈ নিয়াৰ বাবে আমি প্ৰচেষ্টা লৈছোঁ৷ মহানগৰবাসীৰ সুচল যাতায়াতৰ সুবিধাৰ্থে দীঘলীপুখুৰী পাৰৰ সন্দিকৈ কলেজৰ সমীপৰ পৰা বামুণীমৈদামলৈকে ৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণ সেতু এখন নিৰ্মাণৰ হেতু প্ৰাককলন সাজু হৈছে৷ আৰ্য কলেজৰ পৰা লখৰালৈ যাতায়াতৰ সুবিধাৰ্থে চাইকেল ফেক্টৰীৰ পৰা নতুন উৰণ সেতু এখন নিৰ্মাণৰ পৰিকল্পনা লোৱা হৈছে৷”
আজিৰ অনুষ্ঠানত সতীৰ্থ মন্ত্ৰী অশোক সিংহল, সাংসদ কুইন ওজা, বিধায়কদ্বয় ক্ৰমে অতুল বৰা, সিদ্ধাৰ্থ ভট্টাচাৰ্য, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াকে ধৰি অসমৰ চৰকাৰৰ জ্যেষ্ঠ বিষয়াবৰ্গ আৰু বহু গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে ৷