বিজেপি শাসিত ত্ৰয়োদশ কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদখন গঠন হোৱাৰ পিছত আজি পৰিষদখনৰ উপাধ্যক্ষ পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰা হয়। ইতিমধ্যে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ পদত ৰাজু তিছ অধিষ্ঠিত হৈছে। উপাধ্যক্ষ পদটো শূন্য হৈ আছিল।
বিগত পৰিষদৰ নিৰ্বাচনত ১৮ হাওৰাঘাট সমষ্টিৰ পৰা পৰিষদলৈ এম এ চি ৰূপে নিৰ্বাচিত হৈ আজি বিনা প্ৰতিদ্বন্দিতাৰে পৰিষদৰ উপাধ্যক্ষ পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে ।
সাংসদ হৰেন ছিঙ বে, বিধায়াক বিদ্যচিং ইংলেঙ, পৰিষদৰ চিই এম তুলিৰাম ৰংহাং, পৰিষদৰ কেইবাগৰাকী ইএম এমএচিয়ে সদলবলে পৰিষদৰ বিধায়নী গৃহত উপ-সচিব বিৰ চিং ইংতিৰ ওচৰত নিজৰ মনোনয়ন পত্ৰখন দাখিল কৰে। অজিত দেৰ হৈ ইএম ঋতেহ ইংহি আৰু জনি তিমুং প্ৰথম প্ৰস্তাৱক আৰু অভিজিত ক্ৰ দ্বিতীয় প্ৰস্তাৱক হিচাপে।