অলপতে অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় ফিলিম এৱাৰ্ডত ডিমাছা জাতিৰ আধাৰত নিৰ্মিত কথাছবি ‘শ্বেমখৰ’ৰ নিৰ্মানৰ বাবে পৰিচালক হিছাপে আইমী বৰুৱাই শ্ৰেষ্ট বোলছবি বঁটা পোৱাৰ পিছত বোলছবিটোৰ এটি বিতৰ্কিত দৃশ্যাংশক লৈ জাঙুৰ খাই উঠিছে ডিমাছা দসৃল-সংগঠনসমূহ ৷ আজি ডিফুৰ আমোলাপট্টিৰ ওচৰত ডিএছএছ, জেএনএইছ, ডিএমএছ, ডিএছইউ, এডিএছইউ আৰু ডিকেএনএই এক যুটীয়া সংবাদমেলৰ আয়োজন কৰে।
সংগঠনসমূহৰ হৈ ডিমাছা সাহিত্য সভাৰ সভাপতি পি বি হাফলংবাৰে সংবাদমাধ্যমৰ আগত উল্লেখ কৰে যে, ডিমাছা জাতিৰ আধাৰত শ্বেমখৰ বোলছবি নিৰ্মাণ কৰাত ডিমাছাসকল সুখী যদিও বোলছবিখনত মাতৃৰ চৰিত্ৰত মাতৃৰ প্ৰসূতি জনিত মৃত্যুৰ পিছত মাতৃ কন্যা নৱজাতক জীৱিত শিশুক জীৱন্তে কবৰ দিয়া হয় বুলি দেখুৱা দৃশ্যাংশ আপত্তিজনক ৷ কিয়নো ডিমাছা পৰাম্পৰাগত নিয়মত প্ৰসূতিজনিত কাৰণত মাতৃৰ মৃত্যুৰ পিছত কন্যা নৱজাতকক জীৱন্তে সমাধিস্থ কৰা নিয়ম ডিমাছা সমাজত নাই ৷ এনে ধাৰণা ভুল উপস্থাপন কৰিছে পৰিচালক আইমী বৰুৱাই ৷
নেতাগৰাকীয়ে আইমী বৰুৱাক এনে ভুলৰ বাবে ডিমাছাৰ সমাজৰ ওচৰত ৰাজহুৱা ক্ষমা বিচাৰিবলৈ দাবী জনাইছে লগতে বোলছবিখনৰ উক্ত বিতৰ্কিত দৃশ্যাংশ কৰ্তন নোহোৱালৈকে বোলছবিখন বন্ধ কৰিবলৈও দাবী জনাইছে ৷ এই বিতৰ্কিত দৃশ্যাংশকলৈ ডিমা হাছাওত এগৰাকী প্ৰাক্তন কাৰ্যবাহী সদস্যই আইমী বৰুৱাৰ ওপৰত এজাহাৰ দাখিল কৰা বুলিও জানিব পৰা গৈছে৷
আজিৰ সংবাদমেলত ডিমাছা সাহিত্য সভাৰ সভাপতি পিবি হাফলংবাৰ সম্পাদক, সত্যব্ৰত কেম্প্ৰাই, ডিমাছা ষ্টুডেণ্ট ইউনিয়নৰ সভাপতি ধীৰাজ ডিফুছা, সম্পাদক ৰজত লাংথাছা উপস্থিত আছিল৷