ভাৰতৰ পৰৱৰ্তী তথা দ্বিতীয় সেনা প্ৰধান (চিফ অব ডিফেন্স ষ্টাফ বা চিডিএছ) হৈছে লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) অনিল চৌহান। বুধবাৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰয়াত জেনেৰেল বিপিন ৰাৱটৰ উত্তৰাধিকাৰী হিচাপে তেওঁৰ নাম ঘোষণা কৰে।উল্লেখ্য, ২০২১ চনৰ মেʼ মাহত পূব সেনা কমাণ্ডৰ মুৰব্বী হিচাপে অৱসৰ গ্ৰহণ কৰে লেফটেনেণ্ট জেনেৰেল চৌহানে।
৪ ডিচেম্বৰত তামিলনাডুত হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হয় চিডিএছ বিপিন ৰাৱাটৰ। প্ৰায় ৯ মাহৰ পিছত নৰেন্দ্ৰ মোদী চৰকাৰে তেওঁৰ উত্তৰাধিকাৰীক মনোনীত কৰে। উল্লেখ্য, ২০১৯ চনত মোদী চৰকাৰে সেনাৰ নিয়ম সংশোধন কৰি সেনাধ্যক্ষৰ পদটো সৃষ্টি কৰিছিল। সেই নিয়ম অনুসৰি সশস্ত্ৰ বাহিনীৰ তিনিটা শাখাৰ মুৰব্বী অথবা সদ্য অৱসৰ লোৱা মুৰব্বীসকল (চাৰি তাৰকা সেনা বিষয়া)ক এই পদৰ বাবে বিবেচনা কৰিব লাগিছিল।
অৰ্থাৎ তিনিওটা বাহিনীৰ মাজৰ সংযোগ বজাই ৰাখিবলৈ সেনাবাহিনীৰ জেনেৰেল, নৌসেনাৰ এডমিৰেল আৰু বায়ুসেনাৰ এয়াৰ চিফ মাৰ্শ্বাল পৰ্যায়ৰ এজন বিষয়াক ‘চিংগল পইণ্ট এডভাইজাৰ’ হিচাপে নিযুক্তি দিয়াটো নিয়ম আছিল।
২০২০ চনৰ জানুৱাৰী মাহত প্ৰাক্তন সেনাধ্যক্ষ জেনেৰেল বিপিন ৰাৱটক সেনাধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছিল। কিন্তু চলিত বৰ্ষৰ জুন মাহত কেন্দ্ৰই চিডিএছৰ পদত নিযুক্তিৰ বাবে নতুন মাপকাঠী ঘোষণা কৰে। নতুন নিয়ম অনুসৰি কেৱল সশস্ত্ৰ বাহিনীৰ তিনিটা শাখাৰ (স্থল, নৌসেনা আৰু বায়ুসেনা) মুৰব্বীসকলেই নহয় (যিসকল চাৰি তাৰকা জেনেৰেলৰ ৰেংকৰ), তেওঁলোকৰ পৰৱৰ্তী স্তৰৰ বিষয়াসকলো (ৰেংকৰ… থ্ৰী-ষ্টাৰ জেনেৰেল)ক এইবাৰ চিডিএছৰ বাবে যোগ্য বুলি গণ্য কৰা হʼব।
অধিসূচনা অনুসৰি, সেনাৰ লেফটেনেণ্ট জেনেৰেল, নৌসেনাৰ ভাইচ এডমিৰেল আৰু বায়ুসেনাৰ এয়াৰ মাৰ্শ্বাল (থ্ৰী ষ্টাৰ ৰেংক)ৰ কিছুমান ৰেংকৰ কাৰ্যনিৰ্বাহ কৰা বা নৱ-অৱসৰপ্ৰাপ্ত বিষয়াসকলকো চিডিএছ পদৰ বাবে যোগ্য বুলি গণ্য কৰা হʼব। কিন্তু বয়সৰ সীমা ৬২ বছৰৰ ভিতৰত হʼব লাগে। সেই নিয়ম অনুসৰি লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) চৌহানক নিযুক্তি দিয়া হয়।