কামৰ সন্ধানত সুদূৰ মুম্বাইলৈ বুলি ওলাই যোৱা ডিফুৰ এজন যুৱকৰ মৃতদেহ আজি ৰহস্যজনকভাৱে চত্তিশগড়ৰ ৰাইপুৰত ৰেʼললাইনত পৰি থকা অৱস্থাত উদ্ধাৰ হোৱা ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনাৰ বিৱৰণ অনুসৰি, ডিফু হৰিলালবস্তি নিবাসী দিগেন্দ্ৰ দাসৰ পুত্ৰ গৌতম দাস (36) যোৱা 21 ছেপ্টেম্বৰত কামৰ সন্ধানত মুম্বাইলৈ যায়।
মুম্বাইত পূৰ্বৰে পৰা কৰ্মৰত গৌতমৰ মাহীয়েকৰ পুত্ৰৰ সৈতে হোৱা যোগাযোগ মৰ্মে মুম্বাইত উপস্থিত হোৱাৰ পিছতে গৌতমে কোনো অপৰাধী চক্ৰৰ জালত পৰা বুলি ফোনযোগে পৰিয়ালৰ লোকক জানিবলৈ দিয়ে।
পৰৱৰ্তী সময়ত কোনোমতে অপৰাধী চক্ৰৰ জালৰ পৰা সাৰি ৰেʼলযোগে পলায়নৰ চেষ্টা কৰা বুলি গৌতমে পৰিয়ালৰ লোকক জানিবলৈ দিছিল যদিও আজি পুৱা চত্তিশগড়ৰ ৰাইপুৰত ৰেʼললাইনৰ দাঁতিত যুৱকজনৰ মৃতদেহ পৰি থকা বুলি ৰাইপুৰৰ ৰেʼল আৰক্ষীয়ে গৌতমৰ পৰিয়ালৰ লোকক জানিবলৈ দিয়ে। এটি ডেৰ বছৰীয়া পুত্ৰ সন্তানৰ পিতৃ গৌতম দাসৰ এনে অস্বাভাৱিক মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি ব্যাপক ৰহস্যৰ সৃষ্টি হৈছে।