মাহজোৰা দীঘলীয়া জীৱন-সংগ্ৰামৰ অন্ত পৰিল।অভিনেতা ৰাজু শ্ৰীবাস্তৱে শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৮ বছৰ। এই দুখৰ খবৰটো আজি পুৱা তেওঁৰ পৰিয়ালে ঘোষণা কৰে।
উল্লেখযোগ্য যে যোৱা ১০ আগষ্টত হাৰ্ট এটেকৰ বাবে ৰাজুক দিল্লীৰ এইমছ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। অতি সংকটজনক অৱস্থাত বহুদিন ভেন্টিলেচনত আছিল। ১৫ দিনৰ মূৰত তেওঁৰ চেতনা ঘূৰি আহিছিল। ১০ আগষ্টত জিমত ব্যায়াম কৰি থকা অৱস্থাত ৰাজুৰ চেতনা হেৰাই যায়। ট্ৰেডমিলত দৌৰি থাকোঁতে তেওঁ গুৰুতৰভাৱে অসুস্থ হৈ পৰে। জিম ট্ৰেইনাৰে খৰখেদাকৈ তেওঁক এইমছত ভৰ্তি কৰে।
তেতিয়াৰ পৰা কোনো জ্ঞান নাছিল।
চলিত মাহৰ আৰম্ভণিতে এইমছৰ চিকিৎসা দলে জনাইছিল যে ৰাজুৱে নিজেই সুস্থ হʼবলৈ চেষ্টা কৰিছে। কেৱল তেওঁৰ পত্নীয়েহে তেওঁক চিকিৎসালয়ত চাব পাৰিব। হাত-ভৰি লৰচৰ কৰাও দেখা গৈছিল।
পত্নীয়ে কথা কʼবলৈ চেষ্টা কৰিছিল। তেওঁ সঁহাৰি দিছিল, আনকি নিজাববীয়াকৈ কথা কʼবলৈও চেষ্টা কৰিছিল। কিছুদিন পূৰ্বে অভিনেতাগৰাকীৰ ছোৱালীয়েও কৈছিল যে তেওঁৰ শাৰীৰিক অৱস্থা পূৰ্বতকৈ ভাল হৈছে। ইয়াৰ মাজতেই ছন্দপতন। বলিউডত শোকৰ ছাঁ।