‘ব্ৰহ্মাষ্ট্ৰʼৰ জ্বৰত কঁপিছে দেশ। মাত্ৰ আৰু কেইঘণ্টামানৰ অপেক্ষা। শুকুৰবাৰে ডাঙৰ পৰ্দাত মুক্তি পাব অয়ন মুখাৰ্জীৰ ‘ব্ৰহ্মাস্ত্ৰ’। ছবিখনৰ সহায়ত ২০১৮ চনৰ পৰা আৰম্ভ হৈছিল আলিয়া-ৰণবীৰৰ প্ৰেম। তাৰ পিছত বিয়া। কৰোনা মহামাৰীৰ বাবে ছবিখনৰ মুক্তিত বাৰে বাৰে পলম হৈছিল। উক্ত দীঘলীয়া অপেক্ষাৰ অন্ত পৰিব ৯ ছেপ্টেম্বৰত।
ডাঙৰ পৰ্দাত মুক্তি পোৱাৰ পূৰ্বেই এডভান্স বুকিং আৰম্ভ হৈছে। যোৱা সপ্তাহত 3D সংস্কৰণৰ বাবে এডভান্স বুকিং আৰম্ভ কৰা হৈছে আৰু ই বৃহৎ সঁহাৰি পাইছে। ছবিখনৰ মুক্তিৰ পূৰ্বে আজিৰ পৰা আৰম্ভ হৈছে বুকিং। ইতিমধ্যে ৩.৫ লাখ টিকট বিক্ৰী হৈছে। চলচ্চিত্ৰ বিশেষজ্ঞসকলৰ মতে, প্ৰথম দিনাই ‘ব্ৰহ্মাষ্ট্ৰʼই উপাৰ্জন কৰিব পাৰে ২৪ কোটি। ‘ব্ৰহ্মাস্ত্ৰʼই হিন্দী ‘আৰআৰআৰ’ আৰু ‘ভূল ভূলাইয়া ২’ৰ অভিলেখ ভংগ কৰিব পাৰে।
মন কৰিবলগীয়া যে কৰণ জোহৰৰ ধৰ্ম প্ৰডাকচনে ৪০০ কোটি টকা ব্যয় কৰি ‘ব্ৰহ্মাস্ত্ৰ’ নিৰ্মাণ কৰিছে। আজিলৈকে ৪০০ কোটিৰো অধিক ব্যয় কৰা এইখনেই হৈছে প্ৰথমখন বলীউড ছবি। কৰণ আইয়াৰাই বক্স অফিচত ইমান উপাৰ্জন কৰিবনে নাই তাক লৈ চিন্তিত হৈ আছে। শেহতীয়াকৈ বহু হিন্দী চিনেমা বক্স অফিচত ফ্লপ হৈছে। ইফালে ‘ব্ৰহ্মাস্ত্ৰ’ বৰ্জনৰো আহ্বান নেটিজেনৰ। বিশেষকৈ ১১ বছৰ পূৰ্বে দিয়া এক সাক্ষাৎকাৰত ৰণবীৰে গো-মাংস খোৱা বিষয়টোক লৈ আকৌ এবাৰ বিতৰ্কত নামিছে তাৰকা দম্পতীয়ে। কালি উজ্জয়নৰ মহাকালেশ্বৰ মন্দিৰত বজৰং দলে তেওঁক কেন্দ্ৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। এনে অৱস্থাৰ মাজতে কাইলৈ ‘ব্ৰহ্মাস্ত্ৰ’ই মুক্তিলাভ কৰিব।