- কাৰবি আংলঙলৈ সোণ বুটলিলে ইমদাদ আহমেদে, ধনঞ্জয় কাছাৰ, চয়ানিকা প’মা আৰু আনডাৰ ৰংহাঙৰ ৰূপৰ পদক লাভ
ডিফুঃ ডিফুত কাৰবি আংলং ক্ৰীড়া সন্থাৰ ইনড’ৰ ষ্টেডিয়ামত চলি থকা ত্ৰয়োদশ উকা ষ্টেট কেৰাটে চেম্পীয়ণশ্বিপ ২০১৯ প্ৰত্যাশিত ভাবেই কামৰূপ (মেট্ৰ’) ই শীৰ্ষ স্থান দখল কৰি আছে ৷ আনহাতে ঘৰুৱা দল কাৰবি আংলঙৰ হৈ বাতৰি লিখা পৰলৈকে ইমদাদ আহমেদৰ এটা সোণ আৰু ক্ৰমে, ধনঞ্জয় কাছাৰ, চয়ানিকা প’মাহ আৰু আণ্ডাৰ ৰংহাঙে এটাকৈ ৰূপৰ পদক লাভ কৰি আছিল ৷
বাতৰি লিখা পৰলৈকে প্ৰাপ্ত তথ্য অনুসৰি, কামৰূপ মেট্ৰ ২৯ টা সোণ, ১৯ টা ৰূপ, আৰু ২৫ টা ব্ৰঞ্জ,৷ কামৰূপ (গ্ৰাম্য) ২ টা সোণ এটা ৰূপ আৰু ৬ টা ব্ৰঞ্জ৷ যোৰহাট ১টা সোণ, দুটা ৰূপ আৰু ৩ টা ব্ৰঞ্জ৷ তিতাবৰ এটাকৈ সোণ আৰু লগতে ২ টা ব্ৰঞ্জ৷ দৰঙৰ ১টাকৈ সোণ আৰু ৰূপ লগতে ২ টা ব্ৰঞ্জ ৷ শোণিতপুৰ ১টাকৈ সোণ, ৰূপ লগতে ৩ টা ব্ৰঞ্জ ৷
কাৰবি আংলং ১ টা সোণ, ৩ টা ৰূপ আৰু ৭ টা ব্ৰঞ্জ ৷ বঙাই গাওঁৰ ১ টাকৈ সোণ আৰু ৰূপ ৷ নগাওঁ ২ টা ৰূপ ৭ টা ব্ৰঞ্জ ৷ চৰাইদেউ ১ টা ৰূপ, ৩ টা ব্ৰঞ্জ ৷ ডিব্ৰুগঁড় ১ টা ব্ৰঞ্জ, তিনিচুকীয়া ১ টা ব্ৰঞ্জ ৷ ধুবুৰী ১ টা ৰূপ, লক্ষীমপুৰ ১ টা ব্ৰঞ্জ, ধেমাজী ব্ৰঞ্জ ৩ টা আৰ বাক্সা জিলাই এটা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় ৷
প্ৰতিযোগিতা সমূহ চলি থকাৰ মাজতে বিজয়ী প্ৰতিযোগী সকললৈ কৰ্তৃপক্ষই বঁটা বিতৰণী কাৰ্যসূচী অব্যাহত ৰাখে ৷ কাৰবি আংলং কেৰাটে সন্থাৰ সভাপতি তথা পৰিষদৰ এমএচি প্ৰভাত চন্দ্ৰ তাৰ’ৰ লগতে অসম কেৰাটে যন্থাৰ শীৰ্ষ বিষয়া সকলে বঁটা মানপত্ৰ সমূহ প্ৰদান কৰে ৷ বাতৰি লিখা পৰলৈকৈ প্ৰতিযোগিতাৰ খেল সমূহ চলি আছিল ৷
সদৌ অসম কেৰাটে সন্থাৰ উদ্যোগত আৰু কাৰবি আংলং জিলা ক্ৰীড়া সন্থা তথা কাৰবি আংলং জিলা কেৰাটে সন্থাৰ ব্যৱস্থাপনাত কাছা ইনড’ৰ ষ্টেডিয়ামত অহা ২ নৱেম্বৰ শনিবাৰ সন্ধিয়া ৫ বজাৰ পৰা এই প্ৰতিযোগিতা আৰম্ভ হৈছিল জানিব পৰা অনুসৰি উক্ত প্ৰতিযোগিতাত কেডেট, জুনিয়ৰ, ছাবজুনিয়ৰ আৰু ছিনিয়ৰ শাখাত ৯৫০ গৰাকী খেলুৱৈয়ে অংশ গ্ৰহণ কৰিছে৷ আনহাতে আজি উদ্ধোধনী অনুষ্ঠানত জুনিয়ৰ আৰু চাব জুনিয়ৰৰ কাটা ইভেণ্ট আৰম্ভ হৈছিল ৷আজি কুমিটে কেডেট আদিৰো খেল হয় ৷