পুনৰ জেৰাৰ সন্মুখীন নোৰা ফাতেহী। সুকেশ চন্দ্ৰশেখৰৰ সৈতে হোৱা বিত্তীয় আত্মসাতৰ গোচৰত তেওঁৰ নাম জড়িত আছে। উল্লেখ্য, ২০০ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগত অভিযুক্ত সুকেশ চন্দ্ৰশেখৰৰ।সূত্ৰ অনুসৰি, অভিনেত্ৰী নোৰাক সুকেশৰ গোচৰত সোধ-পোছৰ বাবে মতা হৈছে। অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজৰ নামো জড়িত হৈ আছে কোটি কোটি টকাৰ জালিয়াতিৰ গোচৰত। ইডিয়ে অতিৰিক্ত চাৰ্জ শ্বীটত তেওঁৰ নামো সংযোজন কৰিছে। কিছুদিন পূৰ্বে পোহৰলৈ আহিছিল এই খবৰ।
একেটা গোচৰতে কেৱল জেকলিনেই নহয়, নোৰা ফাতেহীৰ ওপৰতো প্ৰশ্ন উত্থাপন হৈছে। সুকেশে দিয়া দামী উপহাৰ নোৰায়ো উপভোগ কৰিছে। ইডিয়ে অভিনেত্ৰীগৰাকীক এই প্ৰতাৰণাৰ গোচৰত সোধ-পোছৰ বাবে কেইবাবাৰো মাতে। কেৱল সেয়াই নহয়, ডিচেম্বৰ মাহত জনা গৈছিল যে নোৰাই ইডিৰ পক্ষত আৰু সুকেশৰ বিৰুদ্ধে সাক্ষ্য দিব।