হঠাতে অসুস্থ হৈ পৰে অভিনেতা কমল আৰ খান। মঙলবাৰে মুম্বাই বিমানবন্দৰৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰা হয়। তাৰ পিছত হঠাতে সন্ধিয়া তেওঁৰ বুকুৰ বিষ হʼবলৈ ধৰে। বৰ্তমান তেওঁ মুম্বাইৰ কান্দিৱালী অঞ্চলৰ শতাব্দী হাস্পতালত চিকিৎসাধীন হৈ আছে। কিন্তু চিকিৎসকে এতিয়াও তেওঁৰ অৱস্থাৰ বিষয়ে তথ্য প্ৰদান কৰা নাই।
আৰক্ষীৰ সূত্ৰ অনুসৰি, কমলৰ বিতৰ্কিত টুইটৰ বিৰুদ্ধে ২০২০ চনত শিৱসেনাৰ সমৰ্থক ৰাহুল কানালে এজাহাৰ দাখিল কৰিছিল। এই অভিযোগৰ ভিত্তিত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। অভিযোগ অনুসৰি, কমলে কোনো কাৰণ নোহোৱাকৈয়ে বলীউডৰ অভিনেতাসকলক অপমান কৰিছিল।
ব্যক্তিগত অভিযোগৰ সমাধানৰ বাবে তাৰকাসকলক আক্ৰমণ কৰিবলৈ ছ’চিয়েল মিডিয়াত নামিছিল কমলে। যিটো সম্পূৰ্ণ গ্ৰহণযোগ্য নহয়। বিশেষকৈ প্ৰয়াত দুজন অভিনেতা ঋষি কাপুৰ আৰু ইৰফান খানৰ বিষয়ে টুইট কৰাৰ বাবে কমল আৰ খান সমস্যাত পৰে।