ডিফুঃ কাৰবি ৰিচ’ আদৰবাৰ, কেএছএ আৰু কে আৰ এছ এৰ যুটীয়া উদ্যোগত বিগত বৰ্ষ সমূহৰ দৰে এই বছৰো ২০১৭ বৰ্ষৰ বাবে শ্ৰেষ্ট কাৰবি’ আৰু কাৰবিপী বঁটা প্ৰদান কৰা হৈছে৷
আজি দিনৰ প্ৰায় ১১ বজাত ডিফুস্থিত কাৰবি ৰিচ’ আদৰবাৰৰ কাৰ্যালয়ত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত জুৱেল বে’ক কাৰবি প’ আৰু ক্ষীৰলা টেৰণপীক কাৰবিপী বঁটা প্ৰদান কৰা হয়৷ কাৰবি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ৰাজু তিচ’ উক্ত বঁটা প্ৰদান অনুংষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ বিপৰীতে পৰিষদৰ সদস্য প্ৰঙীত চন্দ্ৰ তীৰ’ কাঞ্চাচডিকমৰ সভাপতি অজিত তিমুঙ, সাধাৰণ সম্পাদক ছিং তিমুঙ কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ আৰু কেএছএৰ সভাপতি বিজয় বে’ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে৷
প্ৰসংগ ক্ৰমে, উল্লেখযোগ্য যে সমাজৰ ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ অৰিহণা যোগাই অহা বছৰটোৰ শ্ৰেষ্ট কাৰবি পুৰুষক ‘কাৰবি প’ আৰু মহিলা গৰাকীক ‘কাৰবিপী’ সম্মানেৰে বঁটা প্ৰদান কৰা হয়৷ ফুটবল খেলত বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰা আৰু ভাৰতীয় জাতীয় ফুটবল দলত স্থান লাভ কৰা জুৱেল বে’ আৰু বিশিষ্টা সমাজ কৰ্মী ক্ষীৰলা টেৰণপীক ২০১৭ বৰ্ষৰ এই বঁটা প্ৰদান কৰা হয়৷ ২০১ বৰ্ষত শ্ৰেষ্ট কাৰবি প’ আছিল ৰয় ইংহী আৰু কাজিৰ হেলেন হাঞ্চেপীক এই বঁটাৰে সম্মানিত কৰা হয়৷ বিগত দুই বছৰ এই বঁটা প্ৰদান কৰা হোৱা নাছিল৷