প্ৰবীণ কংগ্ৰেছ নেতা গোলাম নবী আজাদে ৰাহুল গান্ধীক কটাক্ষ কৰি কংগ্ৰেছৰ ‘হাত’ এৰিলে। তেওঁ কংগ্ৰেছৰ সকলো পদৰ পৰা পদত্যাগ কৰিছে। শুকুৰবাৰে কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীলৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰত ক্ষোভ প্ৰকাশ কৰে গোলামে। তেওঁ লিখিছে, “দেশৰ বাবে যি ভাল কাম কৰিব লাগে তাত ব্যৰ্থ হৈছে কংগ্ৰেছ।”
ৰাহুলক লক্ষ্য কৰি গোলামে লিখিছে, “অপৰিপক্কতাৰ অন্যতম উদাহৰণ হʼল ৰাহুল গান্ধীয়ে সংবাদ মাধ্যমৰ সন্মুখত চৰকাৰী অধ্যাদেশ ফালি পেলোৱাটো…. এনে শিশুসুলভ আচৰণে প্ৰধানমন্ত্ৰী আৰু ভাৰত চৰকাৰৰ ভাবমূৰ্তি কলংকিত কৰিছে। ২০১৪ চনৰ নিৰ্বাচনত ইউ পি এ চৰকাৰৰ পৰাজয়ৰ আঁৰত এয়া অন্যতম অৱদান।”
গোলাম নবীয়ে পদত্যাগ পত্ৰত কংগ্ৰেছৰ সৈতে দীৰ্ঘদিনীয়া সম্পৰ্কক আলোকপাত কৰাৰ লগতে তেওঁৰ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সৈতে ‘ঘনিষ্ঠ সম্পৰ্কʼৰ বিষয়টোও উল্লেখ কৰে।