উত্তৰ-পূৰ্বাঞ্চল তথা দেশৰ ক্রীড়া ক্ষেত্ৰৰ বাবে এক দুখৰ খবৰ। অৰুণাচল প্ৰদেশৰ এগৰাকী কিক বক্সিং খেলুৱৈৰ দুৰ্ভাগ্যজনকভাৱে বুধবাৰে চেন্নাইত মৃত্যু। এই তথ্য সদৰী কৰিছে অৰুণাচল প্ৰদেশৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী মামা নাটুঙে।
ইটানগৰৰ য়ুৰা তাডে নামৰ কিক বক্সাৰগৰাকীয়ে চেন্নাইত অনুষ্ঠিত Wako India Senior Masters National Kickboxing championship-ত অংশগ্ৰহণ কৰি থকা অৱস্থাতে প্ৰতিদ্বন্দ্বীৰ আঘাতত গুৰতভাৱে আঘাতপ্ৰাপ্ত হয়।
মূৰত প্ৰচণ্ড আঘাত পোৱা তাডেক ততাতৈয়াকৈ চেন্নাইৰ ৰাজীৱ গান্ধী চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰাই অস্ত্ৰোপচাৰ কৰালেও চিকিৎসকে তেওঁক বচাব নোৱাৰিলে। বুধবাৰে পুৱতি নিশা প্ৰায় আঢ়ৈ বজাত তাডেৰ মৃত্যু হয়।
উল্লেখ্য, অৰুণাচল প্ৰদেশৰ কিক বক্সিং এছ’চিয়েচনৰ সাধাৰণ সম্পাদক চাৰু গোবিনে মঙলবাৰে খেলুৱৈগৰাকীক উন্নত চিকিৎসা প্ৰদানৰ বাবে চৰকাৰৰ ওচৰত আহ্বান জনালেও দুৰ্ভাগ্যজনকভাৱে খেলুৱৈগৰাকীৰ মৃত্যু হয় ।