অন্য এক অভিলেখ গঢ়ি অষ্টমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে নীতিশ কুমাৰে। লালু প্ৰসাদ যাদৱৰ পুত্ৰ তেজস্বী যাদৱে উপ-মুখ্যমন্ত্ৰীৰ পদত শপত গ্ৰহণ কৰে। শপত গ্ৰহণ কৰাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ দল বিজেপিৰ ওপৰত তীব্ৰ আক্ৰমণ চলায় নীতিশ কুমাৰে। তেওঁ কয়, ২০১৪ চনত মোডীয়ে জয়লাভ কৰিছিল। কিন্তু ২০২৪ চনত জয়ী হʼবনে?
ৰাজ্যপাল ফাগু চৌহানৰ পৰা শপত লোৱাৰ পিছতে সাংবাদিকৰ সৈতে মুখামুখী হয় নীতিশ কুমাৰ। তাত সাংবাদিকৰ পোনপটীয়া প্ৰশ্ন, তেওঁ ২৪-ত প্ৰধানমন্ত্ৰীৰ গাদীৰ ফালে আগবাঢ়িছে নেকি তেওঁ? ইয়াৰ উত্তৰত নীতিশে নিজকে প্ৰধানমন্ত্ৰী পদৰ দাবীদাৰ বুলি নাভাবে বুলি জনায়। তাৰ পিছত নীতিশৰ তীৰ্যক মন্তব্য, “আচল প্ৰশ্নটো হ’ল, ২০১৪ চনত যিয়ে জয়ী হৈছিল, ২০২৪ চনত তেঁৱেই জয়ী হ’বনে?”
উল্লেখ্য, বিহাৰত নিশাটোৰ ভিতৰতে তেওঁলোকৰ চৰকাৰ পতনৰ পিছত বিজেপিয়ে নীতিশক আক্ৰমণ কৰি আহিছে। গেৰুৱা শিবিৰৰ দাবী যে নীতিশৰ বাবে মহা জোটবন্ধন চৰকাৰ সম্পূৰ্ণ কাৰ্যকালৰ বাবে স্থায়ী নহʼব। ইফালে বিজেপিৰ এই দাবীক খাৰিজ কৰি নীতিশে কয় যে ২০১৫ চনৰ বিধানসভা নিৰ্বাচনত মোৰ পূৰ্বৰ অংশীদাৰসকল যʼত আছিল তাতেই উপনীত থাকিব।
উল্লেখ্য, বুধবাৰে বিয়লি ২ বজাত পাটনাৰ ৰাজভৱনত শপত গ্ৰহণ কৰে নীতিশ আৰু তেজস্বীয়ে। পৰৱৰ্তী সময়ত মন্ত্ৰীসভাৰ আন সদস্যসকলে শপত গ্ৰহণ কৰিব। সূত্ৰ অনুসৰি ১৫ আগষ্টৰ পিছত বাকী কেবিনেট সদস্যসকলে শপত গ্ৰহণ কৰিব। মন্ত্ৰীসভাত সৰ্বাধিক প্ৰতিনিধিত্ব কৰিবলৈ গৈ আছে আৰজেডিৰ। সূত্ৰই দাবী কৰিছে যে বিধানসভাৰ অধ্যক্ষৰ পদটোও আৰজেডিলৈ যাব।
অৱশ্যে, আশাকৰা মতেই মূল বিৰোধী দল বিজেপিয়ে বৰ্জন কৰিলে শপত গ্ৰহণ অনুষ্ঠান। কিন্তু শপত গ্ৰহণ অনুষ্ঠানৰ পূৰ্বে বিহাৰ বিজেপিৰ জ্যেষ্ঠ নেতা সুশীল মোদীয়ে দাবী কৰে, “তেওঁক কোনেও নিমন্ত্ৰণ কৰা নাই। লগতে দলটোৱে আমন্ত্ৰণ পত্ৰও লাভ কৰা নাই। সেইদিনা সুশীলে কয় যে নীতিশে যি কৰিছে সেয়া প্ৰধানমন্ত্ৰী মোদী আৰু বিহাৰৰ জনসাধাৰণক অপমান কৰাৰ বাহিৰে আন একো নহয়। ৰাইজে এনডিএক ভোট দিলে। নীতিশে সেই বিশ্বাস ভংগ কৰিলে।”
আনহাতে, বুধবাৰে পুৱা নীতিশে লালুক ফোন কৰি ৰাজ্যৰ ৰাজনৈতিক পৰিস্থিতিৰ বিষয়ে ব্যাখ্যা কৰে। নেতা দুজনৰ মাজত বেছ কিছু সময় কথা হয়।