শিক্ষা বিভাগৰ বিশেষ নিৰ্দেশনা। প্ৰখৰ ৰ’দত মহানগৰীৰ বিদ্যালয়সমূহে প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰাৰ পৰিৱৰ্তে এতিয়াৰে পৰা ৰাতিপুৱাৰ প্ৰাৰ্থনা সভা শ্ৰেণী কোঠাতেই আয়োজন কৰিব লাগিব। অৱশ্যে বিশেষ দিনত প্ৰাৰ্থনা সভাসমূহ মুকলিতেই হ’ব বুলি জনোৱা হৈছে।
কামৰূপ মেট্ৰ’ৰ বিদ্যালয় পৰিদৰ্শক প্ৰসন্ন বৰাই জাৰি কৰা এই নিৰ্দেশনা গুৱাহাটীৰ প্ৰতিখন চৰকাৰী-বেচৰকাৰী বিদ্যালয়ে মানি চলিব লাগিব। উল্লেখ্য যে, ৪ আগষ্ট তাৰিখে প্ৰচণ্ড ৰ’দত এঘণ্টা ধৰি চলা শোক প্ৰাৰ্থনাৰ বাবে গুৱাহাটীৰ নিকলচ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ ১০ বছৰীয়া এগৰাকী ছাত্ৰী মূৰ ঘূৰাই পৰে আৰু ৬ আগষ্ট তাৰিখে জি এম চি এইচত চিকিৎসাধীন ছাত্ৰীগৰাকীৰ মৃত্যু হয়।