বিজেপি নেতা শ্ৰীকান্ত ত্যাগীক মঙলবাৰে নয়দাত এগৰাকী মহিলাক নিৰ্যাতন চলোৱাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হয়। তেওঁক সোধা-পোছা কৰাৰ পিছতে আৰক্ষীয়ে লাভ কৰে নতুন তথ্য। জানিব পৰা মতে, শ্ৰীকান্তৰ গাড়ীত থকা ভিভিআইপি ষ্টীকাৰটো দিছিল সমাজবাদী পাৰ্টীৰ নেতা স্বামী প্ৰসাদ মৌৰ্যই। মঙলবাৰে আদালতে ত্যাগীক ১৪ দিনৰ কাৰাগাৰলৈ প্ৰেৰণ কৰে।
নয়ডা আৰক্ষী থানাৰ উপায়ুক্ত আলোক সিঙে জনোৱা মতে, “স্বামীপ্ৰসাদ মৌৰ্যই অভিযুক্তৰ গাড়ীত ষ্টীকাৰ দিছিল। আৰু ষ্টীকাৰত থকা ৰাষ্ট্ৰীয় প্ৰতীকটো নিজেই বনাইছিল শ্ৰীকান্তই। লক্ষ্য আছিল অঞ্চলটোত এক আতংকৰ পৰিৱেশ সৃষ্টি কৰা।”
আৰক্ষীয়ে জব্দ কৰে শ্ৰীকান্তৰ এখন SUV। গাড়ীখনৰ উইণ্ডস্ক্ৰীণত বিজেপি দলৰ পতাকা আৰু ‘ভিভিআইপি বিধায়ক’ৰ ষ্টীকাৰ আছিল।
মঙলবাৰে মেৰঠৰ পৰা গ্ৰেপ্তাৰ কৰা হয় শ্ৰীকান্তৰ লগতে আন তিনিজনক। ছচিয়েল মিডিয়াত তেওঁ নিজকে বিজেপিৰ কিষাণ মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য বুলি পৰিচয় দিয়ে। কিন্তু এই দাবীৰ সত্যতা পৰীক্ষা কৰিব পৰা নগʼল। নয়ডাৰ ছেক্টৰ ৯৩-বিত থকা গ্ৰেণ্ড ওমেক্স ৰেচিডেন্সত থাকে শ্ৰীকান্ত। সোমবাৰে তেওঁৰ ঘৰৰ বাহিৰত থকা অবৈধ নিৰ্মাণৰ কামো বুলডজাৰত জাহ যায়।
কিছুদিন পূৰ্বে শ্ৰীকান্তই তেওঁৰ নয়ডা বাসগৃহত গছপুলি ৰোপণক লৈ এগৰাকী মহিলাৰ সৈতে বিবাদত লিপ্ত হৈছিল। ভাইৰেল ভিডিঅ’টোত দেখা গৈছে যে তেওঁ মহিলাগৰাকীক গালি-গালাজ কৰি আছে। শনিবাৰে শ্ৰীকান্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হয়। তেতিয়াৰ পৰা তেওঁ পলাই আছিল। অৱশেষত মঙলবাৰে গ্ৰেপ্তাৰ হয়।