সাধাৰণতে যেতিয়া স্কুলৰ বন্ধ ঘোষণা কৰা হয় তেতিয়া ই শিশুসকলৰ মাজত আনন্দৰ সৃষ্টি কৰে। কিন্তু শেহতীয়াকৈ কেৰালাৰ এখন বিদ্যালয়ৰ এগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীয়ে এই ধাৰণাটো ভুল বুলি প্ৰমাণ কৰিলে। ছাত্ৰীগৰাকীয়ে জিলা দণ্ডাধীশক ই-মেইল কৰি বন্ধ বিচৰা নাই বৰং বাতিল কৰিবলৈ অনুৰোধ জনায়।
ছাত্ৰীগৰাকীৰ নাম চাফুৰা নৌচাদ। চাফুৰাই দেওবাৰে ৱায়েনাড জিলা দণ্ডাধীশ এ গীতালৈ ইমেইল প্ৰেৰণ কৰি বুধবাৰে বন্ধ ঘোষণা নকৰিবলৈ অনুৰোধ জনায়।ইমেইলটোত চাফুৰাই লিখিছে, ‘সঁচাকৈয়ে একেৰাহে চাৰিদিন ঘৰত থকাটো কঠিন। অনুগ্ৰহ কৰি বিদ্যালয় বন্ধ ঘোষণা নকৰাকৈ বুধবাৰে খোলাৰ অনুমতি দিয়ক।’
ইফালে জিলা দণ্ডাধীশ গীতাই এই মেইলটোৰ এখন ছবি ইণ্টাৰনেটত শ্বেয়াৰ কৰাত ভাইৰেল হৈ পৰে।বিদ্যালয়ৰ সূত্ৰ অনুসৰি, ধাৰাসাৰ বৰষুণৰ বাবে সোমবাৰে প্ৰশাসনে সকলো শিক্ষানুষ্ঠানতে বন্ধ ঘোষণা কৰে।
ইয়াৰ উপৰি ৰাজ্য চৰকাৰে ইতিমধ্যে মঙলবাৰেও বন্ধ ঘোষণা কৰিছে মহৰমৰ বাবে। প্ৰশাসনে জনোৱা মতে, বুধবাৰেও বন্ধ থাকিব। কিন্তু বুধবাৰে বন্ধ হʼলে একেৰাহে চাৰিদিন বন্ধ থাকিব। আৰু চাফুৰাই তেনে হোৱাতো নিবিচাৰে।
এই ইমেইলটো লাভ কৰাৰ পিছত জিলা দণ্ডাধীশ গীতাই ফেচবুকত লিখিছে, “আমাৰ সন্তান মেধাৱী আৰু তেওঁলোকৰ পৃথিৱীখন ডাঙৰ। এই দেশ আৰু এই পৃথিৱীৰ ভৱিষ্যত তেওঁলোকৰ হাতত সুৰক্ষিত।” তেওঁ আৰু কয় যে কেৱল ছাত্ৰ-ছাত্ৰীয়েই নহয়, অভিভাৱক, শিক্ষক-শিক্ষয়িত্ৰী, চৰকাৰ আৰু সমাজে এই প্ৰজন্মক লৈ গৌৰৱ কৰিব পাৰে।