৭৫ বছৰৰ পাছত সীমান্তৰ সিপাৰে ভতিজাকৰ সৈতে খুৰাকৰ পুনৰ মিলন। কৰতাৰপুৰ গুৰদ্বাৰ সাক্ষী হৈ ৰ’ল তেওঁলোকৰ মৰমৰ আলিংগনৰ৷
সোমবাৰে কৰতাৰপুৰত ৯২ বছৰীয়া সৰৱান সিঙক সাক্ষাৎ কৰে তেওঁৰ ভতিজাক মোহন সিঙে। ভাৰত বিভাজনৰ সময়ৰ পৰাই পৃথক হৈছিল দুয়ো৷ পাকিস্তানৰ এটা মুছলমান পৰিয়ালত ডাঙৰ-দীঘল হৈছিল মোহনৰ। তেওঁৰ বৰ্তমানৰ নাম আব্দুল খালেক।
মোহন ওৰফে খালেকৰ আত্মীয়ই তেওঁলোকৰ সাক্ষাৎকাৰৰ বিষয়ে পিটিআইক জনাইছে, “খালেকে তেওঁলোকক দেখা পাই খুৰাকৰ ভৰি চুই প্ৰণাম কৰে। ইয়াৰ পিছত ইজনে সিজনক সাৱটি ধৰে।” খুৰাক আৰু তেওঁৰ ভতিজাকে প্ৰায় চাৰি ঘণ্টা কৰতাৰপুৰত কটায়। ইমান বছৰৰ পাছত লগ হ’ব বুলি পৰিয়াল দুটাই কেতিয়াও ভবা নাছিল৷ খালেকৰ আত্মীয়ৰ ভাষাত, “আমাৰ অনুভৱবোৰ শব্দৰে প্ৰকাশ কৰিব নোৱাৰো। ঈশ্বৰৰ আশীৰ্বাদৰ দ্বাৰা ই সম্ভৱ হৈ উঠিল।”
অৱশ্যে ভাৰত আৰু পাকিস্তানৰ দুজন ইউটিউবাৰৰ শক্তিৰ বাবেই সৰৱান আৰু মোহনৰ পুনৰ মিলন সম্ভৱ হৈ উঠে। জান্দিৱালাৰ এজন ইউটিউবাৰে পাৰ্টিচনৰ কাহিনীৰ ওপৰত বিভিন্ন তথ্যচিত্ৰ নিৰ্মাণ কৰিছে। এই কামৰ সময়ত তেওঁ সৰৱানৰ লগত কথা-বতৰা পাতিছিল। পিছত সৰৱানৰ এই কাহিনীটো তেওঁৰ ইউটিউব চেনেলত উপস্থাপন কৰা হয়। একেদৰে পাকিস্তানৰ এজন ইউটিউবাৰে খালেকৰ কাহিনীটো ভিডিঅ’ ৰূপত শ্বেয়াৰ কৰে। ভিডিওটোত নিৰুদ্দেশ হোৱা ভতিজাকটোৰ জন্ম চিহ্নৰ কথা কৈছে সৰৱানে।