২০০৬ চন। ফোনটো তুলি লওঁতে সিফালৰ পৰা পুৰুষৰ কন্ঠত এজনে সুধিলে, “শ্বিলঙত এখন সভা আছে। উক্ত সভাত আপোনাক আদৰ্শ হিচাপে উপস্থাপন কৰিব পাৰিমণে ?” ফোনত কথা পাতি থকা ব্যক্তিজনে নিজৰ পৰিচয় দিয়াত আশা বাকৰুদ্ধ হৈ পৰিল। স্বয়ং ভাৰতৰ ৰাষ্ট্ৰপতি আব্দুল কালাম! তেওঁৰ দৰে অতি সৰু মানুহ এজনক আলোচনা সভাত আদৰ্শ হʼবলৈ কোৱা হৈছে! আৰু তাৰ বাবে এজন কিংবদন্তিয়ে তেওঁৰ পৰা সেই অনুমতি বিচাৰিছে!
ইমান কম সময়ৰ ভিতৰতে গোটেই কথাটো ঘটিছিল যে আশা স্তম্ভিত হৈ গৈছিল। সম্বিত ঘূৰি অহাত তেওঁ সন্মতি প্ৰদান কৰে।
শিলচৰত এখন সভাত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ পূৰ্বে বেংগালুৰুবাসী আশা ৰমাইয়াক তদানীন্তন ৰাষ্ট্ৰপতি কালামে মাতিছিল। আশা এইচ আই ভিত আক্ৰান্ত। শিলচৰত অনুষ্ঠিত আলোচনা সভাত কালামে তেওঁক আদৰ্শ হিচাপে আলোকপাত কৰিব বিচাৰিছিল।
তেতিয়াৰে পৰাই বহু আলোচনাত আশাক আদৰ্শ হিচাপে আলোকপাত কৰিছে। কেৱল সেয়াই নহয়, তেওঁ ‘ইণডমিটেবল স্পিৰিট’ নামৰ কিতাপখনত আশাক তেওঁৰ আঠগৰাকী ‘ৰোল মডেল’ৰ ভিতৰত এগৰাকী হিচাপে উল্লেখ কৰিছিল। কালামে আশাৰ সংগ্ৰামৰ কাহিনীক প্ৰেৰণাৰ উদাহৰণ হিচাপে উল্লেখ কৰিছে।
আশাৰ সংগ্ৰামত তেওঁ অনুপ্ৰাণিত হৈছিল। আৰু আশাই এটা সংবাদ সংস্থাক জনাইছিল যে কালাম আছিল তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ প্ৰেৰণাৰ উৎস। ২০১৫ চনত কালামৰ মৃত্যু হয়। আশাই এতিয়াও যুঁজ অব্যাহত ৰাখিছে, তেওঁক প্ৰেৰণাৰ উৎস হিচাপে গ্ৰহণ কৰিছে।
২০০৬ চনৰ পৰা ১১ বছৰ পাৰ হৈ গʼল৷ তেওঁ এতিয়া এইচ আই ভি ৰোগীৰ বাবে বিভিন্ন কৰ্মশালাৰ আয়োজন কৰিছে। পৰামৰ্শদাতা হিচাপে কাম কৰিছে। এইচ আই ভি ৰোগৰ সৈতে কেনেদৰে মোকাবিলা কৰিব লাগে সেই বিষয়ে দেশ আৰু বিদেশৰ বহু লোকক প্ৰশিক্ষণ দিয়াৰ বাবে আশাই কাম কৰি আছে।
আশা আৰু তেওঁৰ স্বামী ইলাংগো ৰামচন্দ্ৰ এইচ আই ভি পজিটিভ যদিও তেওঁলোকৰ ২১ বছৰীয়া পুত্ৰ সম্পূৰ্ণ সুস্থ আৰু স্বাভাৱিক।