বোকাজানত সুৰাৰ বটলৰ ওপৰত চলিল বুলডজাৰ। বিগত সময়ত বোকাজানৰ আৰক্ষী আৰু আবকাৰী বিভাগে জব্দ কৰা প্ৰায় ৩০ হাজাৰ লিটাৰ বিলাতী সুৰা ধ্বংস কৰা হয়। ইয়াৰে ১০,১২৪ লিটাৰ হুইস্কী আৰু ২০,২৯৪ লিটাৰ বিয়েৰ। ইয়াৰে অধিক সংখ্যক মেঘালয় আৰু অৰুণাচলৰ পৰা অহা সুৰা।
বোকাজান মহকুমাৰ আৰক্ষী থানাত ১৯টা গোচৰ ৰুজু হৈ আছিল। এই ১৯টা গোচৰৰ ভিত্তিত ধ্বংস কৰা হয় বৃহৎ সুৰাখিনি সুৰাৰ বটলসমুহ ধ্বংস কৰে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে বুলডজাৰ চলাই ধ্বংস কৰে অবৈধ সুৰাখিনি। ধ্বংস কৰা সুৰাখিনিৰ বজাৰ মূল্য ৫৮লাখ ৩৯ হাজাৰ টকা বুলি জানিব পৰা গৈছে ৷