নীতিশ কুমাৰে বিগত কেইমাহমানৰ পৰা বিভিন্ন বিষয়ত বিজেপিৰ বিৰুদ্ধে মাত মাতি আহিছিল। তেতিয়াৰ পৰাই আৰম্ভ হয় জল্পনা-কল্পনা। প্ৰধানমন্ত্ৰীয়ে আহ্বান কৰা নীতি আয়োগৰ বৈঠকত তেওঁ অংশগ্ৰহণ কৰা নাছিল। এসময়ত নীতিশৰ ঘনিষ্ঠ আৰ চি পি সিঙে বিজেপি আৰু বিহাৰৰ মুখ্যমন্ত্ৰীৰ মাজৰ দূৰত্ব বঢ়াইছিল। নীতিশে নিষিদ্ধ কৰাৰ পিছতো বিজেপিয়ে তেওঁক কেন্দ্ৰীয় মন্ত্ৰী নিযুক্ত কৰে।
শেহতীয়াকৈ সংঘটিত হোৱা ঘটনাবোৰত ৰাজনৈতিক মহল পতিয়ন গৈছিল যে এনডিএৰ মিত্ৰতা আকৌ এবাৰ বিভাজিত হʼব পাৰে। নীতিশে দ্বিতীয়বাৰৰ বাবে এনডিএ ত্যাগ কৰিব পাৰে।
সেই জল্পনা-কল্পনাই সঁচা হʼল৷ মঙলবাৰে বিয়লি ৰাজ্যপালৰ সৈতে বৈঠকত মিলিত হʼবলৈ অনুৰোধ জনাইছে নীতিশ কুমাৰে।
পুৱাৰ সকলো জল্পনা-কল্পনাৰ অন্তত দুপৰীয়া ৰাজভৱনলৈ গৈ পদত্যাগ কৰে নীতিশ কুমাৰে। তেওঁ কয়, জেডিইউৰ সাংসদ, বিধায়কে এনডিএ ত্যাগ কৰিব বিচাৰিছে।