বলপূৰ্বকভাৱে ধৰ্ষণ কাৰ্য সংঘটিত কৰিবলৈ যাওঁতেই ধৰা পৰে লম্পট ৰাজমিস্ত্ৰী হাকিম আলী। নগৰবেৰাৰ নমঃশূদ্ৰ পাৰাত মংগলবাৰে এঘৰত কাম কৰি থকাৰ মাজতেই কোৰ বিচাৰি গৈ এগৰাকী নাবালিকাক ধৰ্ষণ কৰিবলৈ বিচাৰে যদিও নাবালিকা জনীয়ে চিঞৰি দিয়াত চাইকেলত উঠি পলায়নৰ চেষ্টা কৰে লম্পট ৰাজমিস্ত্ৰী হাকিম আলী।
কিন্তু দুৰ্ভাগ্যবশতঃ চাইকেলৰ চেইন পৰি যোৱাত অভিযুক্তই চেইন ডাল উঠাবলৈ লওঁতেই স্থানীয় ৰাইজে তাক কৰায়ত্ব কৰি উত্তম-মধ্যম সোধাই ৰচীৰে মেৰিয়াই নগৰবেৰা আৰক্ষীক গটাই দিয়ে।