বিজেপিৰ সৈতে নীতিশ কুমাৰৰ মধুচন্দ্ৰিকাৰ শেষ হʼবলৈ গৈ আছে নেকি? এই খবৰেই এতিয়া দেশৰ ৰাজনীতিত বৰ্তমান সৰ্বাধিক চৰ্চিত হৈ আছে।বিহাৰৰ মুখ্যমন্ত্ৰীয়ে মঙলবাৰে জনতা (ইউনাইটেড) দলৰ সকলো বিধায়ক আৰু সাংসদৰ জৰুৰী বৈঠক আহ্বান কৰিছে।
জল্পনা-কল্পনা চলিছে, এই বৈঠকৰ পিছতেই তেওঁ বিজেপিৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰাৰ কথা ঘোষণা কৰিব পাৰে।উল্লেখ্য, এই পৰিস্থিতি সূত্ৰপাত হয় বিজেপিৰ ঘনিষ্ঠ বুলি জনাজাত জেডিইউৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি আৰচিপি সিঙৰ দলত্যাগৰ পিছতে। সোমবাৰে জেডিইউৰ মূল বিৰোধী আৰজেডিৰ লগতে কংগ্ৰেছ আৰু বাওঁপন্থী দলসমূহে বিজেপিৰ সৈতে জেডিইউৰ সম্পৰ্ক বিচ্ছিন্ন কৰিলে জেডিইউক সমৰ্থন কৰিব বুলি ইংগিত দিয়ে।
সোমবাৰে জেডিইউৱে কয় যে নীতিশ কুমাৰে গ্ৰহণ কৰা সিদ্ধান্ত দলৰ সকলোৱে মানি লʼব। ইয়াৰ ফলত বিজেপিৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰাৰ চৰ্চা অধিক তীব্ৰ হৈ উঠিছে।ইফালে অমিত শ্বাহে আজি নীতিশ কুমাৰক ফোন কৰে যদিও এই কথা-বতৰা সাত মিনিটতকৈ বেছি হোৱা নাছিল বুলি জানিব পৰা গৈছে।
তাত কোনো সমাধান ওলোৱা নাছিল বুলিয়েই জানিব পৰা গৈছে। ইফালে নেতাসকলক বিজেপিয়ে নিৰ্দেশ দিছে এই ‘সংকট’ সন্দৰ্ভত কোনো মন্তব্য নকৰিবলৈ। বৰং নীতিশ কুমাৰে কি সিদ্ধান্ত লয় তাকহে চাই আছে।
আনহাতে, আজি পাটনাত সমবেত হʼব জেডিইউ দলৰ সকলো বিধায়ক, সাংসদ। খবৰ অনুসৰি বৰ্ষাকালীন অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ দিল্লীলৈ গৈছে সাংসদসকল আৰু সন্ধিয়াৰ ভিতৰত পাটনাত উপস্থিত হʼব।আনহাতে, আজি আবেলিতে ৰাজ্যপালক সাক্ষাৎ কৰিব বিহাৰৰ মুখ্যমন্ত্ৰীয়ে। তাৰ পৰাই এটা কথা নিশ্চিত হৈছে যে বিজেপি-জেডিইউ সম্পৰ্ক ছিন্ন হ’বলৈ আগবাঢ়িছে।