উত্তৰ প্ৰদেশৰ সমাজবাদী পাৰ্টিৰ এগৰাকী প্ৰভাৱশালী নেতা দেওবাৰে নিশা এক অদ্ভুত দুৰ্ঘটনাৰ সন্মুখীন হয়। সান্ধ্য ভ্ৰমণৰ সময়ত হঠাতে এখন ট্ৰাকে তেওঁৰ গাড়ীত খুন্দা মাৰে। তেওঁৰ গাড়ীখন ক্ষতিগ্ৰস্ত হোৱাৰ লগতে তেওঁ নিজেও আহত হয়। কিন্তু ট্ৰাকখন ইয়াতেই ক্ষান্ত নাথাকে। ইয়াৰ পিছতে ট্ৰাকখনে দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনক আৰু ৫০০ মিটাৰ পথ ঠেলি লৈ যায়।
উত্তৰ প্ৰদেশৰ উক্ত নেতাজনৰ নাম দেৱেন্দ্ৰ সিং যাদৱ। তেওঁ সমাজবাদী পাৰ্টীৰ জিলা সভাপতি। অঞ্চলটোত প্ৰভাৱশালী বুলিও জনা যায়। এই দুৰ্ঘটনাটো তেওঁৰ লগত মইনপুৰত সংঘটিত হয়। এই অঞ্চলটো সমাজবাদী পাৰ্টিৰ বিশ্বাসযোগ্য দুৰ্গ হিচাপে পৰিচিত।
দেওবাৰৰ ঘটনাৰ এটা ভিডিঅ’ ভাইৰেল হৈছে। তাত দেখা গৈছে যে ট্ৰাকখনে তীব্ৰ বেগেৰে গাড়ীখন পিছলৈ ঠেলি গৈ আছে। স্থানীয় ৰাইজে তেওঁৰ গাড়ীখন বচাবলৈ চাৰিওফালে আগুৰি ধৰা দেখা যায়।
দেওবাৰৰ পৰা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। ট্ৰাকচালকজনকো আটক কৰা হৈছে। উত্তৰ প্ৰদেশৰ ইটাৱাৰ বাসিন্দা ট্ৰাকচালকজনক গ্ৰেপ্তাৰ কৰি সোধা-পোছা কৰা হয়। এই ঘটনাটো কেৱল দুৰ্ঘটনা নে ইয়াৰ আঁৰত আন কিবা ষড়যন্ত্ৰ আছে সেয়া তদন্ত কৰি আছে মইনপুৰৰ আৰক্ষী অধীক্ষক কমলেশ দীক্ষিতে।