Koffee With Karan শীৰ্ষক বলীউডৰ সাক্ষাৎকাৰ শ্ব’টো আটাইতকৈ জনপ্ৰিয় বুলি ক’লেও অতিৰঞ্জিত নহ’ব। শ্ব’টোৰ ঘোষক তথা জনপ্ৰিয় প্ৰযোজক কৰণ জহৰে বি-টাউনৰ বিভিন্ন তাৰকাৰ সাক্ষাৎকাৰৰ মাজেৰে তেওঁলোকৰ ব্যক্তিগত তথা পেচাগত জীৱনৰ বিষয়ে কথা পাতে। শ্ব’টোৰ এইবাৰৰ সংস্কৰণত ৰণৱীৰ সিং, আলিয়া ভাটকে আদি কৰি কৰীণা কাপুৰ আৰু আমিৰ খানকো দেখিবলৈ পোৱা গৈছিল।
কিন্তু শেহতীয়াকৈ শ্ব’টোৰ ঘোষক কৰণ জহৰক আওপকীয়াকৈ সমালোচনা কৰি Koffee With Karan 7 ত নোযোৱাৰ কাৰণ বাখ্যা কৰে অভিনেত্ৰী তাপসি পান্নুই। তেওঁৰ আগন্তুক ছবি “দোবাৰা” ৰ প্ৰমোচনৰ সময়ত এই বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয় যে, “মোৰ ব্যক্তিগত জীৱন অথবা প্ৰেম জীৱন ইমান ৰসাল নহয় কাৰণেই মোক শ্ব’টোলৈ এতিয়ালৈ মতা হোৱা নাই।”
অভিনেত্ৰী গৰাকীৰ কথাষাৰে খলকনি তুলিছে সামাজিক মাধ্যমত।