নলবাৰীৰ পৰা ফইজুল হক চৌধুৰী। মৃতদেহটো ছমাৰকুছি গাৱঁৰ শ্ৰমিক ষাঠী বছৰীয়া কৃষ্ণৰাম ডেকা বুলি চিনাক্ত৷আজি পুৱা ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰখালা গাঁৱৰ এঘৰৰ বাৰীত থকা পুখুৰীত এটি মৃতদেহ উদ্ধাৰ হোৱাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷
মৃত লোকজনৰ পুত্ৰই চিনাক্ত কৰে মৃতদেহটো৷ জানিব পৰা মতে সামন্যভাবে মানসিক বিকাৰগ্ৰস্ত লোকজন দেওবাৰৰ পৰা সন্ধানহীন হৈ আছিল৷
উল্লেখযোগ্য যে কিছুদিন আগতে লোকজনৰ পত্নী নিহত হোৱাৰ পিচৰে পৰা লোকজনৰ পূৰ্বৰে পৰা থকা মানসিক ৰোগটো বেচি হোৱা বুলি একাংশ গাওঁবাসীয়ে জানিব দিয়ে৷