শেহতীয়াকৈ আমিৰ খানৰ ছবি ‘লাল সিং চাড্ডা’ক লৈ নিজৰ মতামত ব্যক্ত কৰিছে নাগাৰ্জুন আক্কিনেনীয়ে। নাগা আৰু আমিৰৰ সৈতে এখন ফটো শ্বেয়াৰ কৰাৰ সময়তে অভিনেতাগৰাকীয়ে ছবিখনক এক শুদ্ধ বতাহৰ উশাহ বুলি অভিহিত কৰে। এই ছবিখনৰ জৰিয়তে তেওঁৰ পুত্ৰ নাগা চৈতন্যেও বলীউডত অভিষেক ঘটাইছে৷
নাগাৰ্জুনে টোকাটোত লিখিছে, “আমিৰ খানৰ লাল সিং চাড্ডা চোৱাৰ সৌভাগ্য হ’ল। এই চিনেমাখন যেন এক শুদ্ধ বতাহৰ উশাহ। বহুত গভীৰতা থকা এখন ছবি। ভিতৰৰ পৰা সুখী কৰা এখন ছবি। হাঁহিবলৈ বাধ্য কৰাইছে, কান্দিবলৈ বাধ্য কৰে আৰু চিন্তা কৰিবলৈ বাধ্য কৰে।”
তেওঁ আৰু লিখিছে, “প্ৰেম আৰু নিৰ্দোষতাই সকলোকে জয় কৰিব পাৰে বুলি এই ছবিখনৰ এটা সহজ বাৰ্তা আছে। অভিনেতা হিচাপে নগা চৈতন্য ডাঙৰ হোৱা দেখি বৰ ভাল লাগিল। পৰিচালক অদ্বৈত চন্দন, ৰাইটিং, অতুল কুলকৰ্ণী আৰু সমগ্ৰ দলটোৱে আমাৰ হৃদয়ক আনন্দিত কৰি তুলিছে।”