বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদৰ (চি এছ আই আৰ) নতুন সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে বিজ্ঞানী নল্লাথাম্বী কালাইচেলভিক। দেশজুৰি বিয়পি থকা ৩৮টা গৱেষণা কেন্দ্ৰৰ কনচৰ্টিয়াম চি এছ আই আৰৰ মুৰব্বী হিচাপে তেওঁ হৈছে প্ৰথমগৰাকী মহিলা।
উল্লেখ্য, লিথিয়াম আয়ন বেটাৰীৰ ওপৰত কৰা গৱেষণাৰ বাবে কালাইচেলভি বিখ্যাত। ২৫ বছৰতকৈ অধিক সময় ধৰি তেওঁ ইলেক্ট্ৰ’কেমিকেল পাৱাৰ চিষ্টেমৰ কাম কৰি আহিছে। বৰ্তমান তেওঁ তামিলনাডুৰ কৰাইকুডিৰ চি এছ আই আৰ-চেণ্ট্ৰেল ইলেক্ট্ৰ’কেমিকেল ৰিচাৰ্চ ইনষ্টিটিউটৰ সঞ্চালক।
কালাইচেলভিৰ পূৰ্বে শেখৰ মাণ্ডে চি এছ আই আৰৰ ডি জি আছিল। এপ্ৰিল মাহত তেওঁ অৱসৰ গ্ৰহণ কৰে। তেতিয়াৰে পৰা জৈৱ প্ৰযুক্তি বিভাগৰ সচিব ৰাজেশ গোখলেই এই পদটো অতিৰিক্ত দায়িত্ব হিচাপে চম্ভালি আছিল। বিজ্ঞানী কালাইচেলভিয়ে চি এছ আই আৰৰ উপৰি বৈজ্ঞানিক আৰু উদ্যোগিক গৱেষণা বিভাগৰ সচিব হিচাপেও কাৰ্যনিৰ্বাহ কৰিব।
উল্লেখ্য, ২০১৯ চনত তেওঁ প্ৰথমবাৰৰ বাবে চি এছ আই আৰৰ অদৃশ্য নিয়ম ভাঙিছিল।
সেই বছৰৰ ফেব্ৰুৱাৰী মাহত কালাইচেলভিক চি এছ আই আৰ-চেণ্ট্ৰেল ইলেক্ট্ৰ’কেমিকেল ৰিচাৰ্চ ইনষ্টিটিউটৰ প্ৰথমগৰাকী মহিলা সঞ্চালক হিচাপে নিযুক্তি দিয়া হয়। তামিলনাডুৰ তিৰুনেলভেলী জিলাৰ এখন সৰু চহৰৰ এগৰাকী জীয়ৰীয়ে নিজৰ কৰ্ম এই অনুষ্ঠানতে বিজ্ঞানী হিচাপে আৰম্ভ কৰিছিল কালাইচেলভিয়ে।