ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ISRO) মহাকাশত এই পৰ্যন্ত আটাইতকৈ সৰু ৰকেটটো দেওবাৰে উৎক্ষেপণ কৰে। ৰকেটটোৱে শ্ৰীহৰিকোটাত থকা মহাকাশ গৱেষণা কেন্দ্ৰৰ পৰা পৃথিৱীৰ কক্ষপথলৈ উপগ্ৰহ কঢ়িয়াব পাৰে। ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ উদ্দেশ্যে ৭৫০ গৰাকী স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে নিৰ্মাণ কৰা এই ৰকেটটো উৎক্ষেপণ কৰা হৈছে। SSLV নামৰ এখন সৰু উপগ্ৰহ উৎক্ষেপণ বাহনে ইয়াক কঢ়িয়াব পাৰে। অৱশ্যে খবৰ অনুসৰি উৎক্ষেপণৰ সময়ত ইয়াৰ কিছু অসুবিধা হয়। ইছৰোৱে প্ৰথমবাৰৰ বাবে SSLV ৰ জৰিয়তে Low Orbit Earth অৰ্থাৎ low earth orbit লৈ এটা সৰু ৰকেট প্ৰেৰণ কৰে। ৭৫০ গৰাকী স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে নিৰ্মাণ কৰিছিল ক্ষুদ্ৰ উপগ্ৰহ উৎক্ষেপণ বাহনখন।
কিন্তু ৭৫০ গৰাকী ছাত্ৰ-ছাত্ৰী কিয়?
দৰাচলতে এইবাৰ ভাৰতৰ স্বাধীনতা দিৱসৰ ৭৫ বছৰ সম্পূৰ্ণ হʼল। উক্ত উদযাপনৰ বাবেই এই ৭৫০ গৰাকী ছাত্ৰ-ছাত্ৰী।
ক্ষুদ্ৰ উপগ্ৰহ উৎক্ষেপণ বাহনখনৰ দৈৰ্ঘ্য ৩৪ মিটাৰ। ইয়াৰ দৈৰ্ঘ্য সাধাৰণ এছ এছ এল ভিতকৈ ১০ মিটাৰতকৈও কম। বাহনখনৰ ব্যাস ২ মিটাৰ, পি এছ এল ভিৰ ব্যাস ২.৮ মিটাৰ। এই এছ এছ এল ভি টিয়ে ১২০ টন ভৰ কঢ়িয়াব পাৰে। আনহাতে, এটা পি এছ এল ভিয়ে ৩২০ টন কঢ়িয়াব পাৰে। সাধাৰণতে ই ১৮০০ কিলোগ্ৰাম পৰ্যন্ত বোজা কঢ়িয়াব পাৰে। উল্লেখ্য, ১৯৮০ চনত ভাৰতৰ প্ৰথমটো উপগ্ৰহ উৎক্ষেপণ কৰা হৈছিল।
ই ৪০ কিলোগ্ৰাম পৰ্যন্ত বোজা কঢ়িয়াব পৰাকৈ সক্ষম আছিল। ইছৰোৱে ইয়াৰ পূৰ্বেও ভাৰতীয় মহাকাশৰ ইতিহাসত এক বিৰল ঘটনা সংঘটিত কৰিছিল। তেওঁলোকে প্ৰধানমন্ত্ৰীৰ নাম, গীতাৰ ডিজিটেল কাৰ্ডৰ সংস্কৰণ মহাকাশলৈ প্ৰেৰণ কৰে। ব্ৰাজিলত নিৰ্মিত এটা উপগ্ৰহও প্ৰথম মহাকাশলৈ প্ৰেৰণ কৰা হৈছিল।
ইয়াক ভাৰতীয় মহাকাশযানেৰে কঢ়িয়াই নিয়া হৈছিল। এইখন আছিল PSLV-C51 ৰ ৫১ সংখ্যক মহাকাশযান। ই ১৮টা উপগ্ৰহৰে উৎক্ষেপণ কৰা বুলি জনা যায়। মহাকাশযানখনৰ শীর্ষ পেনেলত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ এখন ছবি ৰখা হৈছিল৷ স্পেচ কিডছ ইণ্ডিয়াই জনায় যে এই পদক্ষেপৰ জৰিয়তে প্ৰধানমন্ত্ৰীৰ স্বাৱলম্বী ভাৰতৰ সপোন বাস্তৱায়িত কৰা হৈছে।