নিয়ন্ত্ৰণ হেৰুৱাই যাত্ৰী ভৰ্তি বাছ পৰিল দ’ খাৱৈত।২৫ গৰাকীৰ অৱস্থা সংকটজনক।৭ আগষ্ট দেওবাৰে উত্তৰাখণ্ডৰ ডেৰাডুনত সংঘটিত হৈছে এই ঘটনা।
যাত্ৰাৰ সময়ত বাছ খনত ৩৬ গৰাকী লোক আছিল বুলি জানিব পৰা গৈছে।ঘটনাৰ বিষয়ে জনাৰ লগে লগে আৰক্ষী, আইটিবিপি আৰু অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মী ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰায়।
দিনৰ প্ৰায় ২.৩০ মান বজাত এই বাছ দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ আৰক্ষীয়ে লাভ কৰিছিল। এছএছপিয়ে সদৰি কৰা অনুসৰি, বাছখনৰ ব্ৰেক বেয়া হৈ নিয়ন্ত্ৰণ হেৰুৱাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয়।