কোকৰাঝাৰত থকা ৰূপনাথ ব্ৰহ্ম চিকিৎসালয়ত এগৰাকী HIV পজিটিভ প্ৰসূতিৰ চিজাৰিয়ান অপাৰেচন কৰা হয়। এই অপাৰেচন প্ৰসূতি গৰাকীয়ে ৩.১০০ কেজি ওজন সুস্থ সন্তান জন্ম দিয়ে।উক্ত চিকিৎসালয়খনৰ অধীক্ষক ড° এ এছ শৰ্মাই জানিবলৈ দিয়া মতে  পূৰ্বতেও এনে প্ৰসূতি আহিছিল যদিও অপাৰেচন কক্ষ এটা হোৱা হেতুকে বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল ৷
কিন্তু আজি দেওবাৰ হোৱা হেতুকে জিলাখনৰ এগৰাকী এইছ আই ভিত আক্ৰান্ত প্ৰসূতিয়ে সন্তান জন্ম দিবলৈ চিকিৎসালয়ত ভৰ্তি হয় আৰু আন অপাৰেচন নথকাত এইছ আই ভিত আক্ৰান্ত প্ৰসূতিগৰাকীক অপাৰেচন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।বিজ্ঞানসন্মত সাৱধানতা অৱলম্বন কৰি আৰু পি পি কীট পৰিধান কৰি অপাৰেচন সুকলমে সম্পন্ন কৰে অভিজ্ঞ চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ দলটোৱে।
অপাৰেচন সুকলমে সম্পন্ন হোৱাৰ পাছত অপাৰেচন কক্ষটো বীজাণুমুক্ত কৰা আৰু তেওঁ জন্ম দিয়া ৩.১০০ কিলোগ্ৰাম ওজনৰ নৱজাতক শিশুটি বৰ্তমান সুস্থ অৱস্থাতে আছে বুলি চিকিৎসালয়খনৰ অধীক্ষক ড° এ এচ শৰ্মাই সদৰি কৰিছে।