এএছ আই অথবা কোব্ৰা কমাণ্ড বুলি ঠগ-প্ৰবঞ্চনা কৰি ঘূৰি অৱশেষত আৰক্ষীৰ জালত পৰিল ধেমাজি জিলাৰ পাঁচআলিৰ যুৱক পংকজ হাজৰিকা।পেচা তেওঁৰ ৰীলচ বনোৱা। কিন্তু ৰীলচ ভিডিঅ’ ৰ বাহিৰেও তেওঁ আৰক্ষীৰ বেশত ফুৰে।
শনিবাৰে অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ বেশ লৈ গুৱাহাটীৰ পৰা আহি পৰুৱা চাৰিআলিত বাইত আৰোহী এজনে জোতা নিপিন্ধাৰ বাবে ২০০০ টকা দাবী কৰিলে। দৰ-দাম কৰি ৫০০ টকাও ল’লে। সেই সময়তে সন্দেহৰ আৱৰ্তত সোমাল ভুৱা আৰক্ষী বিষয়া পংকজ।
ঘটনাটো ফোনে ফোনে বাগৰি তেজপুৰ আৰক্ষীৰ কাণত পৰাত লগে লগে ঘটনাস্থলীত উপস্থিত হয় খাকী পোছাকধাৰী। কিন্তু এইবাৰ ভুৱা নহয়, বৰং প্ৰকৃত অসম আৰক্ষী। আৰক্ষীয়ে এছআই পংকজ হাজৰিকাক আটক কৰি সোধাপোছা আৰম্ভ কৰে। তাৰ পিছতে ওলাই পৰে ঘটনাৰ প্ৰকৃত ৰহস্য।