মূৰৰ ওপৰেৰে উৰি যায় বিমানবোৰ। তাকে দেখি তেওঁ প্ৰতিদিনে ভাবিছিল যে তেওঁ বিমানবন্দৰলৈ গৈ বিমানৰ উৰণ চাব। সেই চখটো পূৰণ কৰিবলৈ তেওঁ জয়পুৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ যায়। কিন্তু বিমান চাম বুলিলেইতো যে চাবলৈ নাপায় সেইটো তেওঁ ভবা নাছিল। বিমানবন্দৰত নিজৰ চখ পূৰণ কৰিবলৈ লৰালৰি কৰিলে তেওঁ। কিন্তু তাত থকা নিৰাপত্তাৰক্ষীয়ে তেওঁক প্ৰৱেশ কৰাত বাধা প্ৰদান কৰে। ফলত হতাশ হৈ উভতি আহে তেওঁ।
তেওঁৰ চখ পূৰণ নোহোৱাত গভীৰভাৱে আঘাত পায়। সেই আঘাতে তেওঁক প্ৰেৰণা যোগাইছিল, ডাঙৰ হৈ এখন সম্পূৰ্ণ বিমান তৈয়াৰ কৰিবলৈ!
যুৱকজনৰ নাম বজৰংগী ওৰফে বৃজমোহন। ৰাজস্থানৰ জয়পুৰৰ ৰাজলদেশৰ বাসিন্দা। পঞ্চম শ্ৰেণীলৈকে অধ্যয়ন কৰিছে। তেওঁৰ এখন মোবাইল আৰু কম্পিউটাৰ মেৰামতিৰ দোকান আছে। আঠ বছৰ বহু চেষ্টা কৰি বজৰংগীয়ে এখন বিমান তৈয়াৰ কৰে। বিমানখনে প্ৰতি ঘণ্টাত ১৮০ কিলোমিটাৰ পৰ্যন্ত যাব পাৰে। বিমানখনত আছে ৪৫ লিটাৰ ইন্ধনৰ টেংক। এই ইন্ধনেৰে তেওঁৰ বিমানখনে ১৫০ কিলোমিটাৰ পৰ্যন্ত উৰিব পাৰে। এই কথা বজৰংগীয়ে দাবী কৰিছে।
আনহাতে, বিমানখনত দুজন লোকৰ বাবে বহাৰ ব্যৱস্থা আছে। বজৰংগীয়ে দাবী কৰে যে ইয়াক বনাবলৈ ১৫ লাখ টকা ব্যয় কৰা হৈছে। দোকানখন চলোৱাৰ পৰা উপাৰ্জন কৰা টকাখিনি তেওঁ এই বিমানখন নিৰ্মাণ কৰাত খৰচ কৰিছে। আনকি তেওঁৰ চিনাকি একাংশইও আৰ্থিকভাৱে অৰিহণা যোগাইছে।
বজৰংগীয়ে বিমানখন তৈয়াৰ কৰিছে, কিন্তু কেনেকৈ উৰুৱাব লাগে জানিবলৈ আগ্ৰহী। বিমান উৰুৱাবলৈ অনুমতি লʼবলৈ চৰকাৰৰ কাষ চাপিছে বজৰংগীয়ে। গাঁৱৰ ল’ৰাৰ এই আৱিষ্কাৰত গাঁওবাসীও উৎফুল্লিত হৈ পৰিছে। তেওঁলোকো আশা পালি আছে বজৰংগীৰ বিমানখন কেতিয়া আকাশত উৰিব তাকে চাবলৈ।