বিশ্বনাথৰ সূৰ্যপুৰ বালিপুখুৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এগৰাকী ব্যৱসায়ীৰ নাতিয়েকৰ অন্নপ্ৰসন্নত বিলনীয়া হিচাবে যোৱা কেইগৰাকীমান যুৱকক ব্যৱসায়ীৰ পুত্ৰৰ মোবাইল চুৰিৰ অপৰাধত প্ৰহাৰ কৰাৰ লগতে চিনেমা সদৃশ গুলীয়াই হত্যাৰ চেষ্টা কৰে।
জানিব পৰা মতে, বিলনীয়া ল’ৰা এজনে মনে মনে ব্যৱসায়ীৰ পৰিয়ালৰ লোকৰ পৰা এটা মোবাইল ফোন মনে মনে লৈ আনিছিল যদিও পিছত ফোনটো উভতাবলৈ যোৱাত ব্যৱসায়ী অকণ শইকীয়াৰ পুত্ৰ ভৱেনে নিজৰ ৯-১০ জনীয়া গুণ্ডা বাহিনীৰ এটা দলৰ সৈতে যুৱক দুজনক পথৰ ওপৰতে ৰ’ডেৰে প্ৰহাৰ কৰে।
আনহাতে, সেই সময়ত ভৱেন শইকীয়াই তেওঁৰ অনুজ্ঞাপত্ৰ থকা বন্দুকেৰে যুৱক দুজনলৈ লক্ষ্য কৰি দুই জাঁই গুলীচালনা কৰা বুলিও অভিযোগ উত্থাপন হৈছে।অৱশ্যে এই গুলীত আঘাতপ্ৰাপ্ত হোৱাৰ পৰা সৌভাগ্যক্ৰমে ৰক্ষা পৰে দুয়োজনযুৱক।