বালি কঢ়িয়াই অনা নাৱত ভয়ংকৰ বিস্ফোৰণত কমেও চাৰিজন শ্ৰমিক নিহত হয়। আহত হৈছে কেইবাজনো লোক। শনিবাৰে পাটনাৰ ৰামপুৰ দিয়াৰা ঘাটত সংঘটিত হয় এই ঘটনা।
প্ৰাথমিকভাৱে আৰক্ষীয়ে জানিব পাৰে যে শ্ৰমিকসকলে নাওখনত গেছ জ্বলাই ৰন্ধা-বঢ়া কৰে। সেই সময়ত গেছ লিক হৈ চিলিণ্ডাৰ বিস্ফোৰণ হয়। ৪ জন শ্ৰমিকৰ থিতাতে মৃত্যু হয়। আন কেইবাজনো আহত হয়।
পাটনা জিলা দণ্ডাধীশ চন্দ্ৰশেখৰ সিঙে কয় যে নাওখনত ২০ জনতকৈ অধিক লোক আছিল। গেছ জ্বলাই ৰন্ধা-বঢ়া চলি আছিল। তেতিয়াই দুৰ্ঘটনাটো সংঘটিত হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। মৃত্যু হোৱাসকলক চিনাক্তকৰণৰ কাম চলি আছে।”
জিলা দণ্ডাধীশগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে আহতসকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। অৱশ্যে তেওঁলোকৰ অৱস্থা বৰ্তমান সুস্থিৰ।