গেংটকৰ পৰা বাগডোগ্ৰা বিমান বন্দৰ অভিমুখে গৈ থকা অৱস্থাত বিধানসভাৰ উপাধ্যক্ষ নোমল মমিনৰ কনভয় বাহন দুৰ্ঘটনাগ্ৰস্ত হয়। শনিবাৰে পুৱা ৬.৪৫ বজাত ছিকিম ভ্ৰমণত থকা সময়তে উপাধ্যক্ষ গৰাকীৰ কনভয়ে দুৰ্ঘটনাৰ সন্মুখীন হয়।
বিপৰীত দিশৰ পৰা অহা এখন অনিয়ন্ত্ৰিত ডাম্পাৰে ড° মমিনৰ পাইলত কাৰত খুন্দা মৰাৰ ফলত বাহনখনৰ চালক ৰোশন সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হয়।
Around 6.45 am this morning our pilot car narrowly escaped a major accident while we were on our way to Bagdogra Airport. A dumper came in a wrong way and had head on collision at Ranipal. Pilot car driver Roshan had minor injury and send to hospital after I examined him . pic.twitter.com/XKlQpFqIa6
— Dr Numal Momin MD. (MODI KI PARIWAR) (@DrNumal) August 6, 2022
দুৰ্ঘটনাটোৰ পিছতে আহত চালক জনক হাস্পাতাললৈ প্ৰেৰণ কৰা হয়। টুইটযোগে এই কথা জানিবলৈ দিয়ে বিধানসভাৰ উপাধ্যক্ষগৰাকীয়ে।