শুকুৰবাৰে বোকাজানৰ আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত বোকাজান অ’চি মৌব্লিক ব্ৰক্ষ্ম, উপ পৰিদৰ্শক ৰাফছানজনি আহমেদ, উপপৰিদৰ্শক শান্তনু বৰা আৰু থানা ষ্টাফৰ সহযোগত আৰু ডিমাপুৰ ক্ৰাইম ব্ৰাঞ্চৰ প্ৰত্যক্ষ সহযোগত বিভিন্ন ঠাইৰ পৰা বৃহৎ পৰিমানৰ চুৰি এনড্ৰয়ড মোবাইল ফোন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
বোকাজান থানাৰ গোচৰ নং ৬৪/২০২২ৰৰ ভিত্তিত চুৰি জড়িত মোবাইল ফোনৰ IMEI অনুসন্ধানৰ ভিত্তিত বোকাজান, খাটখাটি আৰু ডিমাপুৰৰ বিভিন্ন অঞ্চলত অনুসন্ধান অভিযান চলাই চুৰি হোৱা ৩১ টা Android ফোন, এটা DSLR নিকন কেমেৰা উদ্ধাৰ কৰাৰ লগতে চুৰি কাৰ্যৰ লগত জড়িত ৬জন ব্যক্তিক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী ৷
আটকাধীন চোৰ কেইটা ক্ৰমে, ডিমাপুৰৰ বাবলু দাস, (২৮) , ইটো আচুমি ওৰফে বিকি, বয়স (৩২), খটখটীৰ চন্দন কুমাৰ শাহ, , শিৱসাগৰ সদৰৰ মাইনা কোঁৱৰ, (২৭), ছফিকুল আলী, ওৰফে বাবু আলী ওৰফে কনিয়া, (২৬) ,শিৱসাগৰ শিমলুগুৰি লেফটেনেণ্ট ৰাজু আলী, ভিল , মৰিয়নিৰ অক্ষয় দম ওৰফে বিৰাদ, (২৭)