অসম বিধানসভাৰ পুৰণি বিধায়ক হোষ্টেল আছিল ‘অসম আৰ্হি’ৰ। উক্ত বিধায়ক আবাসবোৰ বহু পুৰণি। লগতে বিজড়িত হৈ আছে বহু স্মৃতি। কিন্তু উক্ত স্মৃতি বিজড়িত পুৰণি বিধায়ক আবাসবোৰে ভাঙি পেলোৱাৰ সিদ্ধান্ত লৈছে অসম চৰকাৰে। চৰকাৰে সিদ্ধান্ত লৈছে, সমগ্র পুৰণি বিধায়ক আবাস ভাঙি আধুনিক এপার্টমেণ্টৰ দৰে নতুনকৈ নিৰ্মাণ কৰা হ’ব। মোট ৫৪টা পুৰণি ঘৰৰ ভিতৰত ইতিমধ্যে কেইবাটাও ঘৰ ভাঙি পেলোৱা হৈছে। ফ্লেটৰ আৰ্হিত নতুন এমএলএ হোষ্টেলো নিৰ্মাণ হৈছে। একাংশৰ কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত। এইবাৰ বাকী থকা পুৰণি ঘৰকেইটাও ভাঙি অন্য অংশে একেই আৰ্হিত নতুন হোষ্টেলৰ নিৰ্মাণৰ কামত হাত দিয়া হ’ব।
কিন্তু এই ক্ষেত্ৰত সমস্যাই দেখা দিছে ২০ জন আবাসিক বিধায়কক লৈ। তেওঁলোকক ঘৰ এৰিবলৈ কেতিয়াবাই কোৱা হৈছিল। ভাড়াঘৰৰ বাবে চৰকাৰে মাহিলি ৫০ হাজাৰ পর্যন্ত টকা দিব বুলিও কয়। কিন্তু বিধানসভা সচিবালয়ে বাৰম্বাৰ জাননী দিয়াৰ পিছতো তেওঁলোকে ঘৰ খালি কৰা নাই।
যোৱা ৩১ জুলাইৰ ভিতৰত তেওঁলোকক ঘৰ খালি কৰাৰ সময়সীমাও বান্ধি দিয়া হৈছিল। লগতে কোৱা হৈছিল উক্ত সময়ৰ ভিতৰতে কিবা প্ৰকাৰে ভাড়াঘৰ ল’ব লাগিব। কিন্তু উক্ত তাৰিখ পাৰ হৈ যোৱাৰ পিছতো বিধায়ক কেইজনে ঘৰ খালি কৰা নাই। তাৰ মাজতে চৰকাৰে বিধায়ক আবাসৰ পানী আৰু বিদ্যুতৰ সংযোগো কাটি দিয়ে।
কিন্তু ঘৰ খামুচি বহি থকা ২০ জন বিধায়কে যি কথা জনাইছে সেয়া জানিলে আপোনাৰো হাঁহিম নে কান্দিম যেন লাগিব। তেওঁলোকে জনাইছে, তেওঁলোকক কোনো ঘৰৰ মালিকে ঘৰ ভাড়াত দিবলৈ ৰাজী নহয়। কাৰণ বিধায়কসকলক ঘৰ ভাড়াত দিলে বহু সমস্যা আছে। তাৰ উপৰি গাড়ী পাৰ্কিং, দেহৰক্ষীসকলৰ ঘৰ— এনেকুৱা বহু কিবাকিবিৰ প্ৰয়োজন হয়।
অৱশেষত ভাড়াঘৰ যোগাৰ কৰিব নোৱাৰি উপায়ন্তৰ হৈ মুখ্যমন্ত্রী আৰু অধ্যক্ষৰ দ্বাৰস্থ হয় বিধায়কেইজন। তেওঁলোকৰ কাতৰ অনুৰোধত সচিবালয়ে ঘৰ এৰাৰ সময়সীমা ২০ আগষ্ট পর্যন্ত বৃদ্ধি কৰা হৈছে। পানী আৰু বিদ্যুৎ সৰবৰাহো পুনৰ দিয়া হৈছে। এতিয়া লক্ষণীয় হ’ব ২০ তাৰিখৰ ভিতৰত তেওঁলোকে ভাড়াঘৰ যোগাৰ কৰিব পাৰেনে নোৱাৰে।