ডিফু জে’লৰ পৰা পলাতক তিনি কাৰাবন্দীৰ এজন পুনৰ আটক৷যোৱা ২ আগষ্টৰ নিশা ডিফু জে’লৰ পৰা আন দুজন সহকৰ্মীৰ সৈতে পলায়ন কৰিছিল ৷পলায়ন কৰাৰ পিছতে পলাতক কাৰাবন্দী তিনিটাক বিচাৰি ডিফু আৰক্ষীয়ে চলাইছিল তীব্ৰ অভিযান চলিছিল।
আজিও ডিফু থানাৰ অ’চি জেএছ খবুঙৰ নেতৃত্বত ডিমাপুৰত চলিছিল এই তালাচী অভিযান।কাৰাবন্দী কেইটাক বিচাৰি নিয়োগ কৰা হৈছিল বিশেষ চোৰাংচোৱা।লাহৰিজান পহৰা চকী আৰু পুৱ ডিমাপুৰ থানাৰ ষ্টাফৰ সহযোগত চলিছিল তালাচী অভিযান।
বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৭ মান বজাত ডিমাপুৰৰ পদুম পুখুৰী এলেকাৰ পৰা পুনৰ আটক কৰা হৈছে আইনুল আলীক।বৰ্তমানেও পলাতক হৈ আছে আজমেৰ আলী আৰু ইদ্ৰিছ আলী।পলাতক দুয়োটা কাৰাবন্দীক কৰায়ত্ব কৰিবলৈ আৰক্ষীয়ে পূৰ্ণ চেষ্টা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।কৰায়ত্ব কৰা আইনুল আলিৰ ঘৰ বোকাজান ইকৰাণি ইছলামপুৰৰ।