আজি দুই পাৰ্বত্য জিলা কাৰবি আংলং আৰু পশ্চিম কাৰবি আংলঙৰ অগ্ৰণী মহিলা সংগঠন ‘কাৰবি নিমচ’ চিংথুৰ আছং’ চমুকৈ কেএনচিএৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱসটি পালন কৰা হয় ৷ এই উপলক্ষে কাৰ্যক্ৰমণিকা অনুসৰি পুৱাৰ ভাগতে ডিফু ক্লাৱ প্ৰাংগনত সংগঠনটোৰ সভানেত্ৰী ৰেংকা তাৰ’পীয়ে পতাকা উত্তোলনৰ পিছত শ্বহীদ তৰ্পন কৰা হয় ৷
ইয়াৰ পিছতে ডিফু ক্লাৱৰ সভা কক্ষত সভানেত্ৰী ৰেংকা তাৰ’পীৰ পোৰোহিত্যত এখনি মুকলি সভা অনুষ্ঠিত হয় ৷ তাৰ পিছত সভানেত্ৰী ৰেংকা তাৰ’পী আৰু সাধাৰণ সম্পাদিকা প্ৰতিমা ইংহিপীৰ নেতৃত্বত ডিফু চহৰৰ মাজেৰে এক বৃহৎ সমদল বাহিৰ কৰা হয়৷ সংবাদ মাধ্যমৰ আগত কেএনচিএৰ সাধাৰণ সম্পাদিকা প্ৰতিমা ইংহিপীয়ে কয় যে, বৰ্তমান চৰকাৰখনে মহিলাৰ ওপৰত নিৰ্যাতন বৃদ্ধি কৰিছে ৷
মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰ নামত সংশ্লিষ্ট মাইক্ৰ’ফাইনেন্সৰ কোম্পানীৰ প্ৰতিনিধি সকলে ঋণ আদায়ৰ নামত গাঁৱলীয়া মহিলাসকলক বিভিন্ন ডাবি-ধমকিৰে ভীতি গ্ৰস্থ কৰি আহিছে, সেইবোৰ বন্ধ হব লাগে ৷ মূল্য বৃদ্ধি ৰোধ কৰিব লাগে ৷ সংসদত মহিলাৰ বাবে ৩৩ শতাংশ আৰু কাৰবি আংলং আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদত ৫০ শতাংশ আসন সংৰক্ষণ কৰিব লাগে ৷
অংগনৱাড়ী সহায়িকা, মধ্যাহ্ন ভোজন ৰান্ধনিক চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ মৰ্যদা দিয়া, আন্তৰ্জাতিক নাৰী দিৱস ৮ মাৰ্চক নাৰী দিৱসক চৰকাৰী বন্ধ ঘোষণা কৰা, ডিফুৰ ৰংপাংথিৰ উচ্ছেদিত সকলক পুণ:সংস্থাপন দিয়া, নাবালিকা ছোৱালী আৰু মহিলাৰ বাবে সামাজিক সুৰক্ষা নিশ্চিত কৰাৰ লগতে সকলো থানা আৰক্ষী চকীত মহিলা কোষ গঠন কৰা ৷
ৰাজ্যিক মহিলা আয়ুক্ত আৰু স্বায়ত্তশাসিত পৰিষদ মহিলা আয়ুক্ত শক্তিশালী কৰা আদি দহ দফীয়া দাবী সম্বলিত এখনি স্মাৰক-পত্ৰ অসমৰ মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰা হব বুলি জানিবলৈ দিছে প্ৰতিমা ইংহিপীয়ে ৷