কাৰবি আংলং জিলা নিৰ্বাচনী বিষয়াৰ উদ্যোগত ডিফুৰ আৱৰ্ত ভৱনৰ সন্মিলন কক্ষত ARO, AERO, BLO SUPERVISERS, আৰু BLO সকলৰ মাজত ভোটাৰ তালিকা ২০২৩-ৰ বিশেষ সংক্ষিপ্ত সংশোধনীকলৈ এক কৰ্মশালা অনুষ্ঠিত কৰা হয় ৷
জিলা অতিৰিক্ত উপায়ুক্ত ৰাজেছন তেৰাং আৰু নিৰ্বাচনী বিষয়া কাব্যশ্ৰী দিহিঙ্গীয়াই এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি নতুন ভোটাৰ পঞ্জীয়নৰ ফৰ্মৰ আনুষ্ঠানিক শুভ উদ্ধোধন কাৰ্যসূচীও সম্পন্ন কৰে ৷
ভোটাৰ তালিকা বিশেষ সংক্ষিপ্ত সংশোধনী ২০২৩-ৰ সন্দৰ্ভত সংশ্লিষ্ট বিষয়া কৰ্মী-সকলক বিশেষভাবে প্ৰশিক্ষণ দিয়া হয় ৷ কৰ্মশালাত উপস্থিত থকা নিৰ্বাচনী বিষয়া কাব্যশ্ৰী দিহিঙ্গীয়াই সংবাদ মাধ্যমৰ আগত কয় যে, ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী আৰু নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি নতুন ভোটাৰৰ নাম ভৰ্তিৰ ক্ষেত্ৰত কেতবোৰ সংশোধন আৰু সাল সলনিৰ ক্ষেত্ৰত আজি বিভাগীয় বিষয়া আৰু বিএলঅ’ সকলক প্ৰশিক্ষণ দিয়া হৈছে ৷
কাৰবি আংলঙত খচৰা ভোটাৰ তালিকা প্রকাশ পাব ৯ নভেম্বৰত : এতিয়াৰে পৰা ১৭ উর্ধ্বৰ যুৱ ভোটাৰসকলে তালিকাত নাম অন্তর্ভুক্তিৰ বাবে অগ্রিম আবেদন আবেদন কৰিব পাৰিব ৷
এই নতুন সিদ্ধান্ত অনুসৰি ভোটাৰ তালিকাত নাম অন্তর্ভুক্তিৰ বাবে ভিত্তি তাৰিখ হিচাবে ১ জানুৱাৰীৰ ওপৰিও ১ এপ্রিল, ১ জুলাই আৰু ১ অক্টোবৰ তাৰিখক ভিত্তি হিচাবে লৈ ১৭ উৰ্ধৰ যুবক-যুবতীসকলে ভোটাৰ তালিকাত নাম অন্তর্ভুক্তিৰ বাবে অগ্রিম আবেদন জমা কৰিব পাৰিব।
অর্থাৎ ৯ নভেম্বৰ বা তাৰ আগে পিছেও অগ্রিম আবেদন কৰিব পাৰিব । কিন্তু এইসকল ভোটাৰৰ বয়স ১৮ বছৰসপূর্ণ হোৱাৰ পিছত ভোট দানৰ বাবে যোগ্য হ’ব ৷এই নতুন ব্যবস্থাত যুৱ ভোটাৰৰ বাহিৰেও আন বয়সৰ নাগৰিকেও ইয়াৰ সুবিধা লাভ কৰিব পাৰিব ৷
অনলাইন যোগে নির্বাচন আয়ুক্তৰ পোর্টাল এন ভি এছপি অথবা ভোটাৰ হেল্পলাইন এপৰ মাধ্যমৰ যোগেদিও আবেদন কৰিব পাৰিব ।
ভোটাৰ তালিকাৰ সংক্ষিপ্ত সংশোধনীৰ জন্য ভোটাৰ তালিকাৰ খচৰা তালিকা প্রকাশ কৰা হব চলিত বছৰৰ ৯ নভেম্বৰত । দাবী আৰু আপত্তি দাখিল কৰাৰ সময় থাকিব ৯ নভেম্বৰৰ পৰা থেকে ৮ ডিচোম্বৰ পর্যন্ত।
দাবী আৰু আপত্তিসমূহ নিস্পত্তি কৰা হব ২৬ ডিছেম্বৰৰ মাজ ভাগত নির্বাচন আয়ুক্তৰ অনুমতি পোৱাৰ পিছত ভোটাৰ তালিকা প্রকাশ কৰা হব অহা বছৰৰ ৫ জানুৱাৰী তাৰিখে।
ইফালে ভোটাৰ তালিকাৰ তথ্যৰ সত্যতা পৰীক্ষণৰ বাবে বর্তমান ভোটাৰ তালিকাত নাম অন্তর্ভুক্ত থকা ভোটাৰসকলে স্বেচ্ছায় আধাৰ সংযোগ কৰিবলৈ ৬ বি ফর্মৰ ব্যবস্থা নির্বাচন আয়োক্তৰ ফালৰ পৰা যোগান ধৰা হৈছে ।
ইয়াৰ জৰিয়তে ভোটাৰসকলৰ স্বেচ্ছায় প্রদান কৰা আধাৰ তথ্য সংগ্রহ কৰা হব। অনলাইন যোগে আবেদনকাৰী সকলে সংশ্লিষ্ট প’ৰ্টেল আৰু এপৰ জৰিয়তে অ’টিপি গ্রহণ কৰি ৬ বি ফর্ম পূৰণ কৰিব পাৰিব। লগতে অফলাইনৰ বাবে সংশ্লিষ্ট ইআৰঅ’ আৰু বিএল অ’ সকলৰ জৰিয়তে ভোটাৰ সকলৰ ঘৰে ঘৰে গৈ ৬ বি ফর্মত স্বেচ্ছায় প্রদান কৰা আধাৰ নম্বৰ সংগ্রহ কৰিব ।