শিৱসেনাৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় ৰাওতক দেওবাৰে নিশা ইডিয়ে ভূমি দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ কৰে। ইডিৰ সূত্ৰ অনুসৰি, তদন্তত সহযোগ নকৰাৰ অপৰাধত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। ইডিৰ সূত্ৰ অনুসৰি তেওঁৰ ঘৰৰ পৰাও কেইবাটাও নথি উদ্ধাৰ কৰা হৈছে। সোমবাৰে তেওঁক আদালতত হাজিৰ কৰা হʼব।
ইয়াৰ পূৰ্বে ইডিয়ে ভূমি দুৰ্নীতিৰ গোচৰত সঞ্জয় ৰাওতক দুবাৰকৈ সোধা-পোছাৰ বাবে মাতিছিল। তেওঁ প্ৰতিবাৰেই এৰাই চলিছিল। ৩১ জুলাইৰ পুৱা প্ৰায় ৭ বজাত চিআইএছএফৰ জোৱানসকলৰ সৈতে ইডিৰ বিষয়াসকলে পূব মুম্বাইৰ বান্দপৰ সঞ্জয়ৰ ঘৰত উপস্থিত হয়।
তেওঁৰ ঘৰৰ পৰা উদ্ধাৰ কৰে নগদ ১১.৫ লাখ টকা। ইয়াৰ পিছতে তেওঁক গ্ৰেপ্তাৰ কৰে ইডিয়ে। ইডিয়ে সন্ধিয়া তেওঁক অফিচলৈ লৈ যায় সোধা-পোছাৰ বাবে। অৱশেষত প্ৰায় ছয় ঘণ্টা সোধা-পোছাৰ অন্তত তেওঁক ইডিয়ে গ্ৰেপ্তাৰ কৰে।
দেওবাৰে অভিযান আৰম্ভ হোৱাৰ পূৰ্বে সঞ্জয়ে টুইট কৰি কয়, “মিছা কাৰ্য্য, সম্পূৰ্ণ মিছা অভিযোগ। মই শিৱসেনা ত্যাগী নহয়। মই মৰিলেও আত্মসমৰ্পণ কৰাত নাই। অব্যাহত থাকিব যুঁজ।” ইডি অভিযানৰ সময়ত সঞ্জয়ৰ ঘৰৰ সন্মুখত সমবেত হয় শিৱসেনাৰ সমৰ্থক। ইডি আৰু বিজেপিৰ বিৰুদ্ধে শ্লোগান দি থাকে তেওঁলোকে।
উল্লেখ্য, ১ জুলাইত সঞ্জয়ক জেৰা কৰিছিল ইডিয়ে। তেওঁৰ ভাষণো ৰেকৰ্ড কৰা হৈছিল। এপ্ৰিল মাহত ইডিয়ে জব্দ কৰিছিল সঞ্জয়ৰ পত্নী বৰষা আৰু দুজন সহযোগীৰ ১১.১৫ কোটি টকাৰ সম্পত্তি।