কমনৱেলথ গেমছত আৰু এটি সোণৰ পদক জয় ভাৰতৰ। পঞ্চম পদকটিও আহিল ভাৰোত্তোলনত। জেৰেমি লালৰিন্নুঙ্গাই স্বর্ণ পদক দিলে ভাৰতক। মীৰাবাই চানুৰ পিছত ভাৰোত্তোলনত আৰু এটি স্বৰ্ণ পদক ভাৰতৰ।
মুঠ ৩০০ কিলো উত্তোলন কৰে জেৰেমিয়ে। লগতে স্থাপন কৰে কমনৱেলথ গেমছ ৰেকর্ড। তৃতীয়বাৰ ১৬৫ কিলো উত্তোলন কৰিবলৈ আহি অৱশ্যে ব্যর্থ হয় তেওঁ। মাটিত পৰি যন্ত্রণাত চটফটাইছিল ১৯ বছৰীয়া যুৱকজনে।
উল্লেখ্য, চাৰি বছৰ পূৰ্বে যুৱ অলিম্পিকত স্বর্ণ জয় কৰিছিল জেৰেমিয়ে। সোণৰ পদক জয় কৰিছিল কমনৱেলথ চেম্পিয়নশ্বিপতো। এইবাৰ স্বর্ণ অর্জন কমনৱেলথ গেমছতো। স্ন্যাচিঙত তেওঁৰ বিভাগত ৰেকর্ড গঢ়ে জেৰেমিয়ে। ১৪০ কিলো উত্তোলন কৰে তেওঁ। কমনৱেলথ গেমছত ৬৭ কিলো বিভাগত যিটো ৰেকর্ড।