কাৰবি আংলং জিলাৰ অসম -নাগালেণ্ড সীমান্তত নিচাযুক্ত ড্ৰাগছৰ উজান উঠিছে ৷ আজি পুৱাৰ ভাগত পুনৰ বোকাজানৰ খটখটিত ৮ কোটি টকাৰ ড্রাগছ উদ্ধাৰ হয়।
প্ৰাপ্ত খবৰ অনুসৰি আজি পুৱা প্ৰায় ৬. ৩০ বজাত এক বিশেষ খবৰৰ ভিত্তিত বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত বোকাজান থানা অ’চি মৌবলিক ব্ৰক্ষ্ম, খটখটী থানা অ’চি ৰাজু দুৱৰা সহযোগত খটখটী থানা এলেকাত নাকা তালাচী চলাই ।
তালাচী অভিযানত WB 74 P 4456 নম্বৰৰ বাহনখনৰ চিতৰ তলত লুকুৱাই অনা মুঠ ৭৫ টা চাবোনৰ বাকচত ৯৬৬গ্রাম সন্দেহযুক্ত হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় ৷হেৰ’ইনখিনিৰ সৈতে জড়িত ছলোমন থুয়েৰ আৰু ছিমন থুয়েৰ আভিক আৰক্ষীয়ে আটক কৰে ৷হেৰইনখিনিৰ আন্তৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ৮ কোটি টকা হব বুলি জানিব পৰা গৈছে ৷