সমগ্ৰ ৰাজ্যজুৰি ৰূপায়ন হৈ থকা অসম চৰকাৰৰ দৰিদ্ৰ লোকৰ বাবে থকা অৰুণোদয় আচঁনিৰ বাবে অৰুণোদয় মাহ উদযাপন কৰিবলৈ ওলাইছে। এই উপলক্ষে আজি কাৰ্বি আংলং জিলা উপায়ুক্ত দিবাকৰ নাথে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভা কক্ষত এক সংবাদমেলৰ আয়োজন কৰি অৰুণোদয় মাহ উদযাপন তাৎপৰ্য সন্দৰ্ভত সংবাদমাধ্যমৰ আগত অৱগত কৰে।
১ আগষ্টৰ পৰা পুনৰ আৰম্ভ হ’বলগীয়া উক্ত অৰুণোদয় মাহৰ উদযাপনৰ বাবে তিনিওটা মহকুমা সামৰি ল’বলৈ ১২৬ টা পৰীক্ষণ দল গঠন কৰা হৈছে। একোটা দলত দুজনকৈ পৰীক্ষণ বিষয়া থাকিব। উক্ত পৰীক্ষণকাৰী দলটোৱে ২০ আগষ্টৰ পৰা ঘৰে ঘৰে গৈ অৰুণোদয় আচঁনি হিতাধিকাৰী পৰীক্ষা কৰিব।
পৰীক্ষণ প্ৰতিবেদন অনলাইনযোগে উপায়ুক্ত কাৰ্য্যালয় পৰীক্ষকৰ দলে দাখিল কৰাৰ পিছত জিলা পৰ্যায়ৰ সভাত পৰ্যালোচনা কৰি ১ অক্টোবৰৰ ভিতৰত চুড়ান্ত হিতাধিকাৰীৰ নামযুক্ত তালিকা প্ৰমাণ কৰা হ’ব।
পৰীক্ষণ দলটোৱে বিভিন্ন কলেজ আৰু এনজিঅ’ সদস্যৰে গঠিত হোৱাৰ লগতে ইটো সমষ্টিৰ সদস্য আনটো সমষ্টিতহে দায়িত্ব অৰ্পণ কৰা হ’ব আৰু সদস্যসকল কোনো ৰাজনৈতিক দলৰ সৈতে সম্পৰ্ক নাথাকিব বুলি কয় উপায়ুক্ত গৰাকীয়ে আনহাতে, পৰীক্ষণ দলটোক ১ আগষ্টৰ পৰা ৫ আগষ্টলৈ প্ৰশিক্ষণ প্ৰদান কৰা হয় হ’ব বুলি জানিবলৈ দিয়ে উপায়ুক্ত দিবাকৰ নাথে