যোৱা ২৫ জুনত কাৰবি আংলং জিলা আৰক্ষীৰ উদ্যোগত ডিফুৰ ৫ মাইল ‘ছাই ‘ খেল পথাৰত প্ৰায় ১১ কোটি টকা মূল্যৰ ড্ৰাগছ দাহ কৰাৰ পিছত আজি পুণৰ একে স্থানতে বৃহৎ পৰিমানৰ নিচৈযুক্ত ড্ৰাগছ দাহন কাৰ্যসূচী সম্পন্ন কৰা হয় ৷
আজি ক্ৰমে, ৩ কেজি ৪৮ গ্ৰাম, হেৰইন, ৩২০ কেজি ৬ গ্ৰাম গাঞ্জা, ২১০২ টা ছেমপ্লেক্স কেপচুল, ২৬ বটল কফ চিৰাপ, ৰাজহুৱা ভাবে কাৰবি আংলঙ আৰক্ষী প্ৰশাসনে বিভাগীয় নিৰ্দেশনা অনুসৰি ড্ৰাগছ ডিছপজেল কমিটিৰ সদস্য সকলৰ উপস্থিতিত দাহ কৰে ৷
আজিৰ ড্ৰাগছ দাহ কাৰ্যসূচীত জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙ, উপ আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মা, উপ আৰক্ষী অধীক্ষক (প্ৰৱেছনাৰী) নিলোৎপল শইকীয়া উপস্থিত থাকে ৷ দাহ কৰা নিচাযুক্ত সামগ্ৰী সমূহৰ মূল্য প্ৰায় ২ কোটি ৭২ লাখ টকা হব বুলি জিলা উপ আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মাই সমবাদ মাধ্যমৰ আগত জানিবলৈ দিছে ৷