মহাৰাষ্ট্ৰত এমাহ ধৰি চলি আছে ‘দুজনৰ চৰকাৰ’। একনাথ শিন্দে-দেৱেন্দ্ৰ ফড়নভিছ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ নহʼল বুলি অভিযোগ উত্থাপন কৰিবলৈ আৰম্ভ কৰিছে বিৰোধীয়ে । ইয়াৰ মাজতে ৰাজ্যপাল ভগত সিং কোশ্বিয়াৰীৰ মন্তব্যৰ বাবেই মাৰাঠা ৰাজনীতিত এক নতুন বিতৰ্ক বিয়পি পৰে।
শুকুৰবাৰে এক অনুষ্ঠানত ৰাজ্যপাল কোছিয়াৰীয়ে কয়,, ‘যদি গুজৰাটী আৰু ৰাজস্থানীয লোক গুচি যায়, তেন্তে মুম্বাই আৰু দেশৰ বাণিজ্যিক ৰাজধানী হৈ নাথাকিব।’ উদ্ধৱ থাকৰেৰ ঘনিষ্ঠ শিৱসেনা নেতা সঞ্জয় ৰাউটে কয় যে তেওঁৰ এই মন্তব্যই এক বিতৰ্কৰ সূচনা কৰিছে।
“ৰাজ্যপালে মাৰাঠী আৱেগক আঘাত দিছে। আশাকৰো এইবাৰ মুখ্যমন্ত্ৰী একনাথ শিন্দেয়ে প্ৰতিবাদ কৰিব।” তেওঁ কয়।
উল্লেখ্য, প্ৰয়াত বালাচাহেব থাকৰেৰ দিনৰে পৰাই শিৱসেনাই মুম্বাইত গুজৰাটী আৰু ৰাজস্থানী (মাৰোৱাৰী) ব্যৱসায়ীসকলৰ ‘বিত্তীয় আগ্ৰাসন’ৰ বিৰুদ্ধে যুঁজ দি আহিছে।
এনে পৰিস্থিতিত একাংশ ৰাজনৈতিক পৰ্যবেক্ষকে অনুভৱ কৰে যে উত্তৰাখণ্ডৰ প্ৰাক্তন বিজেপি নেতা কোশ্বিয়াৰীৰ মন্তব্য ব্যৱহাৰ কৰি উদ্ধৱ শিবিৰে পুনৰ মাৰাঠী ‘খণ্ড জাতীয়তাবাদ’ক উচটনি দিবলৈ চেষ্টা কৰিছে। কেৱল শিৱসেনাই নহয়, শচীন সবান্তৰ দৰে মহাৰাষ্ট্ৰ কংগ্ৰেছৰ শীৰ্ষ নেতাসকলেও কোশ্বিয়াৰীৰ এই মন্তব্যৰ বিৰোধিতা কৰে।
ইয়াৰ মাজতে বিৰোধী শিবিৰেও মহাৰাষ্ট্ৰৰ কেবিনেট সম্প্ৰসাৰণ নকৰাক লৈ উদ্বেগ প্ৰকাশ কৰিছে। ৩০ জুনত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল শিন্দেয়ে। উপমুখ্যমন্ত্ৰী হিচাপে বিজেপি নেতা ফড়নভিছ। কিন্তু যিহেতু এমাহতো কেবিনেট গঠন হোৱা নাই, সেয়ে চৰকাৰৰ বিভিন্ন বিভাগত কামৰ গতি মন্থৰ হোৱা বুলি অভিযোগ উত্থাপন হৈছে৷