দিল্লী উচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ কন্যাক আঙুলিয়াই দিয়া তিনি কংগ্ৰেছ নেতাৰ টুইট মচিবলৈ নিৰ্দেশ দিয়ে।স্মৃতি ইৰাণীৰ মানহানি গোচৰৰ প্ৰতি লক্ষ্য ৰাখি ন্যায়ালয়ে কয় যে অহা ২৪ ঘণ্টাৰ ভিতৰত উক্ত টুইটসমূহ মচিব লাগিব। ইয়াৰ উপৰি ১৮ আগষ্টত ন্যায়ালয়ত হাজিৰ হʼব লাগিব জয়ৰাম ৰমেশ, পৱন খেৰা, নেট্টা ডিছৌজা।
উল্লেখ্য, শুকুৰবাৰে উচ্চ ন্যায়ালয়ে লগতে কয় যে যদিহে ২৪ ঘণ্টাৰ ভিতৰত তিনিওজন কংগ্ৰেছ নেতাই টুইটসমূহ ডিলিট নকৰে তেন্তে ছচিয়েল মিডিয়া কোম্পানীটোৱে তেনে কৰিব।
আনহাতে, আদালতৰ ৰায়ৰ কিছু সময়ৰ পিছতে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে টুইট কৰে। তাত লিখিছে, “স্মৃতি ইৰাণীয়ে দাখিল কৰা গোচৰটোত দিল্লী উচ্চ ন্যায়ালয়ে আমাৰ আনুষ্ঠানিক উত্তৰৰ বাবে জাননী জাৰি কৰিছে। আমি আদালতত সত্য দাঙি ধৰিবলৈ সাজু। স্মৃতি ইৰাণীক প্ৰত্যাহ্বান জনাইছো।”
উল্লেখ্য, কংগ্ৰেছে অভিযোগ কৰিছে যে স্মৃতি ইৰাণীৰ ১৮ বছৰীয়া কন্যাই গোৱাত ‘অবৈধ বাৰ’ চলাই আছে। কেন্দ্ৰীয় মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী স্মৃতি ইৰাণীয়ে যোৱা সপ্তাহত কংগ্ৰেছৰ তিনিগৰাকী নেতা আৰু তেওঁলোকৰ দললৈ আইনী জাননী প্ৰেৰণ কৰিছিল।
তেওঁ দাবী কৰে যে এই অভিযোগৰ বাবে কংগ্ৰেছ নেতাসকলে বিনাচৰ্তে ক্ষমা খুজিব লাগে। একে সময়তে মন্তব্যটো উঠাই ল’ব লাগে বুলিও তেওঁ দাবী কৰে।