চৌদিশে বিজেপি চৰকাৰৰ উন্নয়ণৰ জয়ঢোল বাজি থকাৰ সময়তে উপেক্ষিত হৈ আছে ডিফু চহৰৰ গাতে লাগি থকা এটি উপপথ ৷ বিগত ১০ বছৰে বিভাগীয় কৰ্তৃপক্ষ বা কোনো এগৰাকী জননেতাৰ চকুত নপৰিল ডিফু বিৰলাৰ সমীপৰ হেব্ৰন উচ্চ মাধ্যমিক বিদ্যালয় কাষেৰে যোৱা জৰাজীৰ্ণ পথছোৱাৰ ৷
বিভাগীয় কৰ্তৃপক্ষ স্থানীয় ৱাৰ্ড কমিচনাৰ , জননেতা সকলক বহুবাৰ অনুনয়-বিনয় কৰিও কৰিও পথছোৱাৰ নিৰ্মাণ কাৰ্য বা মেৰামতি সম্ভৱ হৈ নুঠিল স্থানীয় ৰাইজে ক্ষোভ উজাৰিছে সংবাদমাধ্যমৰ আগত ৷ মূমূৰ্ষ ৰোগী চিকিৎসালয়লৈ নিয়া আৰু বিদ্যালয়লৈ অহা যোৱা কৰা সময়ত যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভুগি আহিছে অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷
আজি এলেকাটোৰ স্থানীয় ৰাইজে পথছোৱা মেৰামতি কৰিবলৈ ৰাজহুৱা শ্ৰমদান কৰিবলৈ ওলাই আহিছে ৷ ইটাৰ, টুকুৰা বালিৰে পথত থকা বৃহৎ গাত সমূহ পৰিপূৰ্ণ কৰিছে ৷ চৰকাৰ আৰু কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদক শীঘ্ৰে পথছোৱা নিৰ্মান বা মেৰামতি কৰি দিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ৷